Friday, July 15, 2011

মৗনামলৈ


মৗনাম!
মই আজিকালি মাতাল বলৈ লৈছোঁ
মোৰ সৈতে খুউব কথা পাতিবলৈও

মৗনাম! জান
মই যে পলৰীয়া সপোনৰ বোকোচাত তোক তুলি লৈ
খুপি খুপি খোজ দিও তৰাৰ দেশলৈ

মৗনাম!
সিদিনা মোৰ আভিমানী হিয়াৰ ক্ষোভে
উৰে ৰাতি মোৰ গাৰুটো তিয়ালে
তিয়ালে মোৰ বুকুখন
তাতে টোপনীয়েও চোন মোৰ সৈতে জেহাদ কৰে মোৰ তে
সেই সময়বোৰত,
মোৰ সত্ত্বা বিলিন কৰি দিও তোৰ ভাৱনাত
ভটিয়নী সোঁতত ভাব ডিঙা মেলি আলাপ কৰোঁ
দূৰৈৰ পৰা ভাঁহি অহা নল-বিৰিণাৰ সুহুৰীটোৰ তে

জান মৗনাম!
মই মাতাল ৰাতিবোৰত ঘনে পতি আঁওৰাও
জীৱনৰ কুন্দলী পকাই উৰি অহা উদ্বাস্ত স্বপ্নটো
প্ৰেমৰ বৰ্ণময় বিশালতাৰে
মুখৰ কৰিব বিচাৰোঁ তোৰ প্ৰত্যয়ৰ প্ৰতিটো বাট, প্ৰতিটো ঘাট

মৗনাম!
প্ৰ্যাতহিকতাৰ ব্যস্ততা পাহৰি দুপৰ ৰাতি
বুকুৰ চৰাইখানাত কাণপাতি শুনো
বতাহৰ পিঠিত উঠি অহা মাদল আৰু চিফুঙৰ সুৰ
আৰু গৈ থাকোঁ, পৃথিৱীৰ পৰা আকাশলৈ সৃষ্টি হোৱা
সৰল ৰেখাৰ দৰে বাটটিলৈ
কাৰুণ্যৰ চেউনী আলিৰেই দৌৰ মাৰোঁ
জোনাকী পৰুৱাবোৰৰ মাজলৈসেই চিৰ সেউজীয়া উপত্যকাৰ মাজলৈ

মৗনামঃ মিচিং ভাষাৰ শব্দ, অৰ্থ মৰমী৷

অসমীয়া নাটকৰ আৰম্ভণি

অসমীয়া নাটকৰ জনক হিচাপে শংকৰদেৱক জনা যায়৷ বৰদোৱাত থকা কালতে সৰিয়হ তলি চিকুনাই নামঘৰ, কীৰ্তনঘৰ স্থাপন কৰি শংকৰদেৱে প্ৰথমখন ভাওনা ‘চিহ্নযাত্ৰা’ অভিনয় কৰিছিল৷

চৰ্যাপদ


চৰ্যাপদসমূহ অসমীয়া লিখিত সাহিত্যৰ আদি নিদৰ্শন৷ ইয়াৰ ভাষা কুহেলিকাচ্ছন্ন, গুৰুৰ অবিহেন বুজাত অসুবিধা বুলি কোৱা হয়৷



ৰাগঃ পটমঞ্জৰী; লুইপাদানম

কাআ তৰুবৰ পঞ্চ বি ডাল৷
চঞ্চল চীএ পইঠো কাল৷৷
দিঢ় কৰিঅ মহাসুহ পৰিমাণ৷
লুই ভণই গুৰু পুচ্ছিঅ জাণ৷৷
সঅল সমাহিঅ কাহি কৰিঅই৷
সুখ-দুখেতেঁ নিচিত মৰিঅই৷৷
এড়িএউ ছান্দক বান্ধ কৰণক পাটৰে আস৷
সুন্নপাখ ভিড়ি লাহুৰে পাস৷৷
ভণই লুই আম্‌হে ঝাণে দিঠা৷
ধমণ চমণ বেণি পাণ্ডি বইঠা৷৷





ৰাগঃ গৱড়া; কুক্কুৰীপাদানাম্


 দুলি দুহি পিটা ধৰণ নজাই।
ৰুখেৰ তেন্তলি কুম্ভীৰে খাঅ॥
আঙ্গণ ঘৰপণ সুন ভো বিআতী।
কানেট চৌৰি নিল আধৰাতী॥
সসুৰা নিদ গেল বহুড়ী জাগঅ।
কানেট চোৰে নিল কা গাই মাগঅ॥
দিৱসই বহুড়ী কাড়ই ডৰে ভাঅ।
ৰাতি ভইলে কামৰু জাঅ॥
অইসন চর্য্যা কুক্কুৰীপাএঁ গাইউ।
কোড়ি মঝেঁ একু হিঅহিঁ সমাইউ॥
ৰাগঃ গৱড়া;  বিরুৱাপাদানাম্

এক
 সে শুণ্ডিনি দুই ঘৰে সান্ধঅ।
চীঅণ
 বাকলঅ বারুণী বান্ধঅ॥ 
সহজে থিৰ কৰী বারুণি সান্ধে।
জেঁ
 অজৰামৰ হোই দিঢ় কান্ধ
দশমি
 দুআৰত চিহ্ন দেখইআ।
আইল
 গৰাহক অপণে ৰহিআ
চউশঠী
 ঘড়িয়ে দেট পসাৰা।
পইঠেল
 গৰাহক নাহি নিসাৰা
এক
  ঘড়ুলী সরু ই নাল।
ভণন্তি
 বিরুআ থিৰ কৰি চাল॥ ধ্রু॥ 

ৰাগঃ অরু;গুণ্ডৰীপাদানাম্

তিয়ড্ডা
 চাপী জোইনি দে অঙ্কবালী।
কমল কুলিশ
 ঘাণ্টি কৰহুঁ বিআলী
যোইনি
 তঁই বিণু খনহিঁ  জীৱমি।
তো
 মুহ চুম্বী কমলৰস পীবমি
খেপহুঁ
 জোইণি  লেপ নজায়।
মণিকুলে
 বহিআ ওড়িআণে সমাঅ
সাসু
 ঘৰেঁ ঘালি কোঞ্চা তাল।
চান্দ সুজ বেণি
 পখা ফাল
ভণই
 গুণ্ডৰী অহ্‌মে কুন্দুৰে ধীৰা।
নৰঅ
 নাৰী মাঝেঁ উভিল চীৰা

ৰাগঃ গুজঁৰী;চাটিল্লপাদানাম্

ভবণই
 গহণ গম্ভীৰ বেগেঁ বাহী।
দুআন্তে
 চিখিল মাঝেঁ  থাহী
ধামার্থে
 চাটিল সাঙ্কম গঢ়ই।
পাৰগামি
 লোঅ নিভৰ তৰই
ফাড্ডিঅ
 মোহতরু পাটি জোড়িঅ।
অদঅ
 দিঢ়ঁ টাঙ্গী নিবাণে কোড়িঅ
সাঙ্কমত
 চড়িলে দাহিণ বাম মা হোহী।
নিয়ড্‌ডী
 বোহি দূৰ মা জাহী
জই
 তুম্‌হে লোঅ হে হোইব পাৰগামী।
পুচ্ছতু
 চাটিল অনুত্তৰ-সামী॥ 

ৰাগঃ পটমঞ্জৰী;ভুসুকুপাদানাম্

কাহৈৰি
 ঘিণি মেলি অচ্ছহু কীস।
বেঢ়িল
 হাক পড়অ চৌদীস॥ 
অপণা মাংসেঁ হৰিণা বৈৰী।
খনহ
 নছাড়অ ভুসুকু অহেৰী
তিন নছুপই হৰিণা পিবই  পাণী।
হৰিণা
 হৰিণীৰ নিলঅ নজাণী
হৰিণী
 বোলঅ হৰিণা সুণ হৰিআ  তো।
 বণ ছাড়ী হোহু ভান্তো
তৰঙ্গন্তে
 হৰিণাৰ খুৰ  দীসঅ।
ভুসুকু
 ভণই মূঢ় হিঅহি ণপইসঈ

ৰাগঃ পটমঞ্জৰীকাহ্নপাদানাম্

আলিএঁ
 কালিএঁ বাট রুন্ধেলা।
তা
 দেখি কাহ্নু বিমণ ভইলা
কাহ্নু
 কহিঁগই কৰিব নিবাস।
জো
 মণগোঅৰ সো উআস
তে
 তিনি তে তিনি তিনি হো ভিন্না।
ভণই
 কাহ্ন ভব পৰিচ্ছিন্না
জে
 জে আইলা তে তে গেলা।
অৱণাগৱণে
 কাহ্ন বিমণ ভঈইলা
হেৰি সে কাহ্নি ণিঅড়ী জিনউৰ বট্টই।
ভণই
 কাহ্ন মো হিঅহি নপইসই

ৰাগঃ দেৱক্রী;কম্বলাম্বৰপাদানাম্

সোনে
 ভৰিলী করুণা নাৱী।
রূপা
 থোই নাহিক ঠাৱী
বাহ তু
 কামলি গঅণ উৱেসেঁ।
গেলী
 জাম বহুড়ই কইসেঁ
খুণ্টি
 উপাড়ী মেলি লি কাচ্ছি।
বাহতু
 কামলি সদ্‌গুরু পুচ্ছি
মাঙ্গত
 চড়্‌হিলে চউদিস চাহঅ।
কেড়ুআল
 নাহি কেঁ কি বাহবকে পাৰঅ
বাম
 দাহিণ চাপী মিলি মিলি মাগা।
বাটত
 মিলিল মহাসুহ সুঙ্গা

ৰাগঃ পটমঞ্জৰী;কাহ্নপাদানাম্

এবংকাৰ
 দৃঢ় বাখোড় মোড্ডিউ।
বিবিহ
 বিআপক বান্ধণ তোড়িউ
কাহ্ন বিলসঅ আসৱ মাতা।
সহজ নিলীবণ
 পইসি নিবিতা
জিম
 জিম কৰিণা কৰিণিৰেঁ ৰিসঅ।
তিম
 তিম তথতা মঅগল বৰিসঅ
ছড়গই
 সঅল সহাৱে সূধ।
ভাৱাভাৱ
 বলাগ ন ছুধ॥ 
দশবল ৰঅণ হৰিঅ দশদিসেঁ।
বিদ্যা কৰি
 দমকুঁ অকিলেসেঁ

১০
ৰাগঃ দেশাখ;কাহ্নপাদানাম্

নগৰ বাহিৰিৰে
 ডোম্বি তোহোৰি কুড়িআ।
ছই
 ছোই জাই সো বাহ্ম নাড়িআ॥ 
আলো ডোম্বি তোএ সম কৰিবে  সাঙ্গ।
নিঘিণ
 কাহ্ন কাপালি জোই লাঙ্গ
এক
 সো পদুমা চৌষঠ্‌ঠী পাখুড়ী।
তহিঁ
 চড়ি নাচঅ ডোম্বী বাপুড়ী
হালো
 ডোম্বি তো পুছমি সদভাৱে।
আইসসি
 জাসি ডোম্বী কাহৰি নাৱেঁ
তান্তি বিকণঅ ডোম্বী অৱৰনা চঙ্গতা।
তোহোৰ
 অন্তৰে ছাড়ি নড়এত্তা
তু
 লো ডোম্বী হাঁউ কপালী।
তোহোৰ
 অন্তৰে মোএ ঘেলিলি হাড়েৰ মালী
সৰবৰ
 ভাঞ্জিঅ ডোম্বী খাঅ মোলাণ।
মাৰমি
 ডোম্বি লেমি পৰণ