Friday, July 22, 2011

পুৰণি অসমৰ লেখন সামগ্ৰী


শিলঃ মানৱ সভ্যতাৰ আৰম্ভৰে পৰা শিলৰ ওপৰত বিভিন্ন চিত্ৰ, লিপি উৎকীৰ্ণ কৰাৰ কথা আমি জানোঁ৷ অসমতে শিলত খোদিত কৰা বিভিন্ন লিপি আৱিষ্কৃত হৈছে৷ যেনে— ভোমোৰাগুৰিৰ ‘ভাণ্ডাৰী গোহাঁইৰ গড় নিৰ্মাণৰ ফলি’, ছয়গাঁও ‘চণ্ডিকা দেৱালয়ৰ শিলৰ ফলি’৷
তামঃ তামত খোদিত অসমীয়া লিপি কেইখনমান হ’ল তৃতীয় বলৱৰ্মাদেৱৰ উলুবাৰী শাসন, ইন্দ্ৰপালৰ গুৱাহাটী শাসন৷
সোণ, ৰূপ, পিতল, কাঁহঃ আহোম স্বৰ্গদেওসকলে সোণৰ পাতত লিখা ৰীতি আছিল বুলি জনা যায়৷ৰূপৰ ক্ষেত্ৰত গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰলৈ ৰাজেশ্বৰ সিংহই ১৬৭৯ শকত আগবঢ়োৱা ৰূপৰ জাপিত উৎকীৰ্ণ লিপি, পিতলৰ ক্ষেত্ৰত সুন্দৰীদিয়া সত্ৰত থকা পিতলৰ ফলক, কাঁহৰ ক্ষেত্ৰত বাসুদেৱ থান (লখিমপুৰৰ)লৈ আগবঢ়োৱা বৰকাঁহত উৎকীৰ্ণ লিপি উল্লেখযোগ্য৷ ইয়াৰ উপৰি বিভিন্ন লোৰ বৰটোপ, হাতীৰ দাঁত, কাঠৰ ফলক, বাঁহৰ কামি, ম’হ আৰু পহুৰ ছাল আদিতো লিখা অসমীয়া লিপিৰ প্ৰমাণ আছে৷
কাপোৰঃ অসমত সূতা কাপোৰ, পাট আৰু মুগা কাপোৰো লেখন সামগ্ৰীৰূপে ব্যৱহৃত হৈছিল৷ কাপোৰত মাটিমাহ, বৰা বা আন এঠাযুক্ত চাউলৰ গুড়ি আৰু অন্যান্য সামগ্ৰীদি টান কৰি পাছত জাপি পুথিৰ আকাৰ দিয়া হৈছিল৷ চমগুৰি সত্ৰত সংৰক্ষণ কৰা মাধৱদেৱৰ ‘নামঘোষা’ মুগা কাপোৰত লিখা পুথিৰ উৎকৃষ্ট নিদৰ্শন৷
ভূৰ্জপত্ৰঃ ভোট দেশৰ পৰা(ভুটানৰ পৰা) আমদানি কৰা ভূৰ্জগছৰ বাকলি অসমত বিবিধ মন্ত্ৰ লেখন আৰু বিবিধ যন্ত্ৰ অংকন কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল৷
সাঁচিপাতঃ সাঁচি বা অগৰু গছৰ ছালৰ পৰা প্ৰস্তুত কৰা সাঁচিপাত উত্তৰ-পূব ভাৰতৰ কেৱল অসমতহে লেখন সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিছিল৷ অসমীয়া সাহিত্যৰ মধ্যযুগত লিখা সৰহ সংখ্যক পুথি সাঁচিপাততে লিখা৷
নগাজৰী খনিকৰ গাঁওৰ শিলালিপি
তুলাপাতঃ কপাহৰ পৰা তৈয়াৰ কৰা লেখন সামগ্ৰীয়েই তুলাপাত৷ এতিয়ালৈকে প্ৰাপ্ত বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ৰ একমাত্ৰ নকলটি তুলাপাতত কৰা৷
চিয়াঁহিঃ চৰু ছাই বা বৰা চাউলৰ ছাই, কেহৰাজৰ ৰস, লোৱাচুৰ, গৰুমূত, শিলিখা, আমছাল, জামছাল— এই বস্তু একেলগে লৈ কেৰাহীত সিজাই মাটিৰ চৰু এটাত ভৰাই নিয়ৰত থৈ দিব লাগে৷ চৰুটোৰ বাহিৰে যি ৰস ঘামি নিগৰি ওলাব সেয়ে অসমীয়া মহী৷(বেণুধৰ শৰ্মা) এই মহীয়েই হ’ল অসমীয়া চিয়াঁহি৷
মহীচুঙাঃ অসমত মহী ৰাখিবৰ বাবে বাঁহৰ চুঙা ব্যৱহাৰ কৰা হৈছিল আৰু সেয়াই মহীচুঙা
লেখনিঃ কোনো পটত লিখিবৰ বাবে যি সামগ্ৰী ব্যৱহাৰ কৰা হয় সেয়াই লেখনি৷ চৰাইৰ পাখি, বাঁহেৰে নিৰ্মাণ কৰা লেখনি পুৰণি অসমত ব্যৱহাৰ কৰা হৈছিল৷
কুটনীঃ সাঁচিপাত বা তুলাপতীয়া আদি পুথিৰ শাৰীবোৰ সমান কৰিবলৈ কম্পাচৰ দৰে জোখ লৈ চিন দিবৰ বাবে এবিধ সঁজুলী ব্যৱহাৰ কৰা হৈছিল, এয়াই কুটনী৷
আঁকমাৰীঃ বাঁহ বা কাঠেৰে নিৰ্মাণ কৰা পোন স্কেলডালেই আঁকমাৰি৷
বিন্ধনাঃ কোনো পুথিৰ নাভিদেশ উন্মুক্ত কৰিবলৈ ধাতুৰে নিৰ্মিত এবিধ সঁজুলী ব্যৱহাৰ কৰা হৈছিল, সেয়াই বিন্ধনা৷


জীৱনৰ ভগ্নাংশ -২

সেই যে দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ, আজিও দৌৰি আছোঁ৷ ফাগুন মাহ
প্ৰফুল্লই ক’লে— বিশ্বাসেৰে লেনদেন কৰা বৈশ্যদাই বোলে হিচাপৰ খাটা খুলিব৷ সিদিনা পেপাৰত লিখিছিলোঁ তেওঁৰ কথা — পঢ়িলিনে?
—লাভ নাই বুজিছ৷ ঘাঁ টুকুৰা কেনে আছে চাওঁ দৌৰ৷ দেখা নাই আমাৰ লগৰ মনহঁত কিমান আগবাঢ়ি গ’ল৷ দৌৰ
মুছলিম আলি আগবাঢ়ি আহিল—
—ঐ ল’ৰা টকা এটা দে না
—গান এটা গা
সময় বালিত খোজ দিয়াৰ প্ৰয়াস
  কুলীয়ে পু পু পু
কুলীয়ে পু পু পু
—এইটো নহয়, সিটো
  জাহানাৰাই ভৰতক বিছিৰি, বিছিৰি
হোষ্টেলে হোষ্টেলে ঘূৰি ফুৰিছেহায় আল্লা হাই..য
হঠাৎ মনত পৰিল— মুছলিম কা তই বোলে ঢুকাইছিলি
  ঢুকালো হয়৷ কিন্তু তহঁতৰ দৌৰ চাবলৈকে মাজে মাজে আহোঁ, কি কৰি আছ তই, দৌৰ নহ’লে পিছ পৰি যাবি ঘাঁ টুকুৰা বাঢ়িছেনে হঠাৎ মুছলিম কাই দৌৰিবলৈ আৰম্ভ কৰে
চকুৰ আগেদি চাৎকৈ পাৰ হৈ গ’ল৷ কোন? হিয়া নেকি? জলফাই বৰণৰ হেপাঁহ এটাই উক্‌মুকাই উঠিব ধৰিছিল৷ দৌৰিলোঁ আলি কেঁকুৰীটোৰ সিপাৰে তাই নাই৷ সিদিনা জালুকবাৰীত গৌতমৰ সৈতে দেখিছিলোঁ তাইক৷ চকোৱাটোৱে বিনাইছে এসাজ ধোঁৱা বৰণৰ পোচাক পিন্ধি মই মোৰেই প্ৰতিপক্ষ হৈছোঁ যুঁজ কৰিছোঁ৷ জাতীয় নায়ক বানপানী নদীবান্ধ বন্ধ হ’ব লাগে অসম সাহিত্য সভাই অসমীয়া লিপিক বিকৃত কৰিছে লাষ্ট গেটৰ ধৰ্ণা দিবলৈ আহি মৰা মানুহ কেইটাৰ সুবিচাৰ লাগে হাঃ হাঃ হাঃ চাকৰি খুলিব, টেট পৰীক্ষা ‘ফুল ফুটক নাইবা ফুটক/বৃষ্টি নামক নাইবা নামক/ঝর উঠোক নাইবা উঠোক/আজ বসন্ত’হাঃ হাঃ হাঃ ধুৰ পুনৰ পিঠিখনৰ কথা মনত পৰিল৷ লাহে লাহে বাঢ়িছে, গেলিছে৷ শামুক এটাৰ দৰে নিজৰ খোলাৰ ভিতৰতে নিজৰ পৃথিৱীখন গঢ়িছোঁ নেকি?... গোন্ধাইছেও৷ সুগন্ধ নে দুৰ্গন্ধ!...
ৰীতিয়ে চিঞৰি উঠিল— ৰজাই হুকুম দিছে/এদিম চেদিম বাই/কি হুকুম দিছে/ এদিম চেদিম বাই/বান্ধ বনাবৰ বাবে/ এদিম চেদিম বাই/ জনগনক ধৰি আনাহে নাই নাই নোৱাৰোঁ আৰু৷ কি বা হৈছে পুৰণি গীতবাৰ ভাঁহি আহে বেলেগ ধৰণে দৌৰিব ধৰোঁতেই কাণত পৰিল তাইৰ উত্তেজিত কণ্ঠ আজিকালি দৰা-কইনা খেলিব নোৱাৰোঁ কিয়?... নাই মোৰ ওচৰত তাৰ উত্তৰ নাই আগপিছ নুগুনি পুনৰ নতুন উদ্যমেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ