Thursday, September 22, 2011

জীৱনৰ ভগ্নাংশ— ১০


লাচিতৰ হাতৰ পৰা ভালে ভালে বাচি আহিলোঁ৷ ভাল দৰেই লম্ভিছিল মোক৷ তেখেতে কি যে প্ৰশ্নবোৰ আৰম্ভ কৰিছিল! মই ইমানদিনে তেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰৰ সন্ধানতেই দৌৰি আছোঁ মোকে আকৌ প্ৰশ্ন সোধে মাজে মাজে প্ৰশ্নবোৰে এনেদৰে জুমুৰি দিয়ে যে মই মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰোঁ৷ ৰৈ দিবলৈও ভয় কোনে বা মোৰ পিচ পেলাই আগবাঢ়ি যায়৷ ইফালে ইংলণ্ডত ভাৰতে জয়ৰ মুখ নেদেখিলে এখন খেলতো প্ৰদ্যুতৰ টিকিৰ শৰীৰ বা কেনে তাৰ একো ঠিকনা নাই, কি বা ঘমঘণ্টখন কৰি থাকে (পংকজে কৈছে তাৰ গাত ভুতে লম্ভে বোলে, ক’ব নোৱাৰি!পাৰিলে মায়েঙৰ ফালৰ বেজ এজনৰ খৱৰ কৰিব লাগিব...) কিতাপ এখন প্ৰকাশ কৰাৰ কথা, প্ৰকাশকে গাত লৈছে, মইহে দিব পৰা নাই কি বা কৰোঁ অইনাও জেংৰাইজনী ডাঙৰ হৈ অহাৰ লগে লগে বৰ দুষ্ট হৈছে খোজেই ভালদৰে দিব নোৱাৰে, দৌৰিব লাগে বাপেকে দৌৰি থকাতোঁ দেখিছে চাগৈ! সৰু জীৱটো গাত ভগৱান থাকে বোলে তাইৰ মুখখন দেখিলেই সকলো দুখ-ভাগৰ নাইকিয়া হৈ যায়৷ মাকৰ বৰ চিন্তা ক্ৰেচত থৈ যাব লাগে তায়ো ব্যস্ত দৌৰত
এনেদৰে বিভিন্ন চিন্তাৰে মূৰটো ফাটি-চিটি যাওঁ যেন কৰিছে উফঃ অলপ সময় জিৰণি নল’লে নহ’ব৷ ফুকনদেওৰ পৰা বাচিবৰ বাবেই তৰনৰা কৈ দৌৰিছিলোঁ৷ উফঃ ফোপাই-জোপাই এঠাইত হাউলি লৈ দীঘল দীঘল কৈ উশাহ কেইটামান টানিছিলোঁ হে মাত্ৰ, সিফালৰ পৰা আহি থকা দেখিলোঁ শ্ৰীনিবাৰণ ভট্টাচাৰ্যক (অৰুণ শৰ্মা বোলা অসমীয়া নাট্যকাৰজনে সৃষ্টি কৰা এটা অধুনিক মনৰ চৰিত্ৰ)৷ মই কাষ চাপি গ’লোঁ নাহিল কোনো মানুহ নাহিল মোৰ ত্ৰয়োদশ নাটকখন চাবলৈ এজনো মানুহ নাহিল, পাঁচশ, পুৰা পাঁচশ মানুহক মই গড়ে দুবাৰ কৈ নিমন্ত্ৰণ জনাইছিলোঁ, মোৰ নাটকখন চাবলৈ৷ এজনো নাহিল৷ মই ক’লো— নাহিবতো, আজিকালি ডিস্ক চাবলৈ যায়, কেচিনঅ’ লৈ যায় অসমীয়া ৰাইজ, নাটক চাবলৈ কিয় যাব৷ তেখেতে ব্যঙ্গাত্মক হাঁহি এটা মাৰি ক’লে— মই এতিয়াৰ কথা কোৱা নাই ষাঠিৰ দশকৰ শেষৰ কথা কৈছোঁ৷ ময়ো তেখেতলৈ বেকা হাঁহি এটা ঠেলি দি ক’লোঁ— বছৰ হে বাঢ়িলে, একো সলনি হোৱা নাই৷একেই আছে সলনি হৈছে মাথোন মানুহৰ প্ৰয়োজনীয়তা৷ তেখেতে গেঙেৰি মাৰি উঠিল— দেখা নাই উদ্দীপ্ত, পংকজ, অঞ্জলহঁতে ইণ্টাৰনেটত বেজবৰুৱা দাৰ নাটক এখন সংৰক্ষণ কৰিবলৈ ওলাইছে৷ তই কি কৰি আছ৷ মই ভেবাচেবা খাই গ’লো, বুঢ়াই তাৰমানে খৱৰ ৰাখিছে এৰা তেতিয়াই কৈছিল তেখেতৰ বোলে জন্ম পঞ্চাশ বছৰৰ পিছত হ’ব লাগিছিল৷ তাৰেই প্ৰমাণ৷ মই কথা সলাবলৈ ক’লো— আপুনিটো ঘোঁৰা দেখিলেই ৰ’ব নোৱাৰিছিল, এতিয়া একা উত্তৰ আহিল— একেই আছে মনত ৰাখিবি গতিৰ বিনে গতি নাই দৌৰ ৰৈ গৈছ কিয়?... পিঠিখন চা মোৰ ঘাঁবোৰ বাঢ়িছে, তেখেতে চোলাটো দাঙি দিলে
ঠেলা মাৰি মোক দৌৰিবলৈ আগুৱাই দিলে হঠাৎ এটা গুমগুমিন আৰে কি হৈছে মই দেখোন ঢলং পলং কৰিছোঁ অ’, মই কৰা নাই, পৃখিৱীখন হে কঁপিছে ভ্ৰাম্যমাণ কাণ ফুচফুচটোত খৱৰ আহিল ভুঁইকঁপ ছিকিম ইয়াৰ উৎপত্তি স্থলি... ...ৰিখটাৰ স্কেলত ৬.৯ বৰ ভুঁইকঁপ বহু মানুহ মাৰিব চাগৈ মনলৈ আহিল সৰুতে পিতায়ে কৈছিল— মানুহৰ পাপৰ বোজা বেছি হ’লে পৃথিৱীখন পিঠিত লৈ থকা ভেকুলীটোৱে গাটো লৰাই দিয়ে তেতিয়াই ভুঁইকঁপ হয় পৃথিৱীত বাৰু পাপ বাঢ়িছে নেকি?... সেইবাবেই অসমত হে বাঢ়িছে ভাবি একো লাভ নাই দৌৰিব লাগে মই পুনৰ নতুন উদ্যমেৰে দৗৰিবলৈ আৰম্ভ কৰিলোঁ মই