Thursday, July 12, 2012

মানুহৰ বয়স


(বহুদিন একো লিখিব পৰা নাই৷ আজি কেইদিন মানৰ আগেয়ে বন্ধুসম দাদা এজনে কাহিনী এটা ক’লে৷ তাকে ৰাইজলৈ বুলি লিখি পঠিয়ালোঁ৷)

মানুহৰ বয়স

ভগৱানে মানুহক আদি কৰি সমস্ত জীৱজগত সৃষ্টি কৰাৰ পাছত এদিন সকলোকে মাতি পঠিয়ালে প্ৰত্যেককে বয়স প্ৰদান কৰিবৰ বাবে৷ এলেহুৱা স্বভাৱৰ বাবে মানুহ, গাধ দেৰীকৈ উপস্থিত হ’ল৷ ঠিক সেইদৰে দিন হোৱা বাবে ফেঁচাও দেৰীকৈ উপস্থিত হ’লহি৷ আনহাতে কুকুৰে খৱৰটো দেৰীকৈ লাভ কৰাৰ বাবে পলম কৰিলে৷ ভগৱানে এই চাৰিবিধ প্ৰণী দেৰীকৈ উপস্থিত হোৱাত ক’লে যে ইতিমধ্যে আনবিলাক জীৱ-জন্তুক বয়স প্ৰদান কৰাৰ বাবে তেখেতৰ ওচৰত তেতিয়া মাত্ৰ ১৬০ বছৰ বয়স হে বাকী আছে৷ এতিয়া এই ১৬০ বছৰেই সকলোকে সমভাৱে ভগাই দিব৷ সেই কথা শুনি গাধই মাত দিলে— ‘ভগৱান মই ৪০ বছৰ মানুহৰ বোজা কঢ়িয়াব লাগিলে বৰ কষ্ট পাম৷ মোক আধা কৰি দিব নোৱাৰিলে?’ ভগৱানে সেয়া শুনি হ’ব বুলি ক’লে আৰু সেই ২০ বছৰ কাৰোবাক প্ৰয়োজন আছে নেকি শুধিলে৷ মানুহে ভাবিলে যে ৪০ বছৰ বৰ কম সময় সেয়ে সেইখিনি বয়স তেওঁ গ্ৰহণ কৰিলে লাভৱান হ’ব৷ ভগৱানে মানুহৰ মনৰ ভাব বুজিব পাৰি সেয়ে হ’ব বুলি ক’লে৷ ইয়াৰ পাছতে কুকুৰেও ক’লে যে ৪০ বছৰ বয়স তেওঁৰ বাবেও কম বেছি হ’ব, কাৰণ ৪০ বছৰ মানুহৰ লেই-লেই, চেই-চেই খাই থকাতো বৰ কষ্ট হয়৷ সেইখিনি বয়সো মানুহে গ্ৰহণ কৰিলে৷ ফেঁচাইও তাৰ বয়স আধা কৰি দিবলৈ কোৱাত মানুহে ভালপাই সেইখিনিও গ্ৰহণ কৰিলে৷ ভগৱানেও সেয়ে হ’ব বুলি মান্তি হ’ল৷ এনেদেৰ মানুহৰ সৰ্বমুঠ বয়স হ’ল ১০০ বছৰ৷ ৪০ বছৰ নিজৰ বাকী প্ৰতি ২০ বছৰ ক্ৰমে গাধ, কুকুৰ আৰু ফেঁচাৰ৷
    তেতিয়াৰে পৰা মানুহে সমগ্ৰ জীৱনৰ প্ৰথম ৪০ বছৰ নিজৰ জীৱন কটাবলৈ পালে৷ তাৰ পাছৰ ২০ বছৰ গাধৰ জীৱন৷ এই সময়ছোৱাত গাধৰ দৰে সংসাৰৰ (ল’ৰা-ছোৱালী, পা-পৰিয়াল সকলোৰে বোজা কঢ়িয়াই)বোজা কঢ়িয়াবলৈ বাধ্য হ’ল৷ তাৰ পাছৰ ২০ বছৰ কুকুৰৰ দৰে সকলোৰে লেই-লেই, চেই-চেই সহি থাকিব লগা হ’ল৷ কাৰণ ৬০ বছৰ বয়সৰ পাছত চাকৰি-বাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ল’ৰা-ছোৱালীৰ পৰা তেনে ব্যৱহাৰ লাভ কৰে৷ তাৰ পাছত শেষৰ ২০ বছৰ ফেঁচাৰ দৰে সকলো ঠাইতে জুপুকা মাৰি মৃত্যুৰ আহ্বানলৈ বাট চাই থাকিব ল’গা হয়৷
    এনেদৰে আনৰ পৰা লাভ কৰা বয়সবোৰত মানুহে সেই নিৰ্দিষ্ট জন্তুটোৰ বৈশিষ্ট্য তেতিয়াৰে পৰা বহন কৰি থাকিব ল’গা হৈছে৷ এয়াই মানুহৰ জীৱনৰ বিৰম্বনা৷