Monday, September 2, 2013

অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান


অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰু দুজনাৰ প্ৰভাৱ অনুভূত নহয়৷ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি-আদৰ্শই পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত এক প্ৰকাৰ নৱজাগৰণৰ সূচনা কৰিছিল৷ কৃষ্ণভক্তিৰ বাণী আৰু আদৰ্শ সঞ্চাৰিত কৰিবলৈ তেওঁ নিজেও কাব্য, গীত, নাট আদি ৰচনা কৰে আৰু আন আন শিষ্য-প্ৰশিষ্যসকলকো সেই কাৰ্যত ব্ৰতী কৰায়৷
১৪৪৯ চনত মহাপুৰুষ শংকৰদেৱে নগাঁৱৰ আলিপুখুৰী নামে ঠাইত জন্মগ্ৰহণ কৰে৷ তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা৷ সৰুতে মাক-দেউতাকৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে আৰু পঢ়া-শুনা কৰাৰ বাবে  মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে৷ শিশুকালৰেপৰা শংকৰদেৱে বহুতো অসাধাৰণ কাম কৰি সকলোকে চমক খুৱাইছিল৷ 'ক' ফলা শিকিয়েই তেওঁ ''কৰতল কমল কমল দল নয়ন'' গীতটি ৰচনা কৰি মেধাশক্তিৰ পৰিচয় দিছিল৷ দহ বছৰ গুৰু-গৃহ মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়ন কৰে আৰু শিক্ষা সাং কৰি ঘৰলৈ উভতি আহে৷ ২১ বছৰ বয়সতে তেওঁ সূৰ্যৱতীক বিয়া কৰায়৷ বিয়াৰ তিনি বছৰ পাছত এটি কন্যা (মনু) সন্তান জন্ম দিয়েই সূৰ্যৱতীৰ মৃত্যু ঘটে৷ ৩২ বছৰ বয়সত শংকৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলায়৷ বাৰ বছৰ কাল তীৰ্থ ভ্ৰণণ কৰি আহি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোযোগ দিয়ে৷ লগতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰে৷ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহক তলত দিয়া ধৰণে ভাগ কৰি আলোচনা কৰিব পাৰি৷
  • কাব্য : হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুণিী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ
  • ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ : ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন
  • অনুবাদমূলক : ভাগৱতৰ১ম, ২য়, , ৬ষ্ঠ, ৮ম, ১০ম, ১১শ স্কন্ধ, ১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ
  • অংকীয়া নাট :  পত্নী প্ৰসাদ, কালি দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়
  • গীত : বৰগীত, ভটিমা, টোটয় আৰু চপয় 
  • নাম প্ৰসঙ্গমূলক : কীৰ্তন আৰু গুণমালা

শংকৰদেৱৰ দৰে মাধৱদেৱেও অসমীয়া জাতীয় জীৱনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে৷ তেওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল৷ ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ  উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি ভূঞা ঔৰসত মনোৰমাৰ গৰ্ভত জন্ম লাভ কৰিছিল৷ জীৱিকাৰ সন্ধানত গোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি-ফূৰি পূৰ্বৰ ঠাই  বণ্ডুকালৈ যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱক নাম লগাই দিয়ে৷ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ  বিশাৰদ হৈ  উঠে৷ তেওঁ  প্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল৷ এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰ পৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত তেওঁ ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হ'বলগীয়া হৈছিল৷ এই বাক্‌-যুদ্ধতেই শংকৰদেৱৰ যুক্তিৰ ওচৰত সেও মানি তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই  মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ ন্যস্ত কৰিছিল৷ ধৰ্মবস্তু প্ৰসাৰৰ অধিকাৰ লাভ কৰি তেওঁ একান্তভাৱে গুৰুদায়িত্ব পালন কৰিছিল৷ বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত 'বৰপেটা সত্ৰ' স্থাপন কৰে৷ তেওঁ জীৱনৰ শেষৰ ফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ  আশ্ৰয়ত কোচবিহাৰত আছিল আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাত ১৫৯৬ খ্ৰীঃত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে৷ মাধৱদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰি গুৰুৰ আদৰ্শ অনুসৰণ কৰি একশ্ৰেণীৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ যায়৷ তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি৷
  • আখ্যানমূলক ৰচনাঃ  ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য
  • তত্ত্বমূলক ৰচনাঃ  জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী, নামঘোষা আৰু নাম-মালিকা
  • নাটঃ পূৰ্ণাংগ অংকীয়া শ্ৰেণীৰ নাটঃ অৰ্জুন-ভঞ্জন আৰু ঝুমুৰাঃ চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন-বিহাৰ৷ ওপৰত উল্লেখ কৰা নাটকেইখন মাধৱদেৱৰ ৰচনা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে৷ ইয়াৰ উপৰি আনকেইখনমান নাট; যেনে-ৰাস-ঝুমুৰা, কোটোৰা-খেলা, ভূষণ-হৰণ আৰু ব্ৰহ্মামোহনত মাধৱদেৱৰ নাম সংযুক্ত হৈ আছে৷ নানান অন্তৰংগ আৰু বহিৰংগ কাৰণৰ ভিত্তিত এই  নাটকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত হোৱা নাই  বুলি ভাবিবৰ থল আছে৷

  • গীত : বৰগীত আৰু ভটিমা

     শংকৰদেৱ-মাধৱদেৱৰ আধ্যাত্মিক তথা ভক্তিমূলক ৰচনাৰাজিয়ে অসমীয়া সাহ্যিতৰ বৰঘৰ শুৱনি কৰাৰ লগতে ৰচনাৰাজিৰ সৃষ্টিৰ অন্তৰালত নিহিত হৈ থকা ভক্তি আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসূ আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত শংকৰদেৱ তথা তেওঁৰ অনুগামীসকলে বিভিন্ন সাহিত্যিক সম্ভাৰেৰে হাত উজান দিয়াৰ লগতে সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিছিল৷ সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিবেশেও শংকৰদেৱক ধৰ্ম প্ৰচাৰৰ বাবে সহায় কৰিছিল৷ বিভিন্ন ৰজাৰ শাসনত সাধাৰণ প্ৰজাৰ সামাজিক মৰ্যাদা হৈ পৰিছিল অতিকে নিম্ন৷ নৱ-বৈষ্ণৱ ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰিছিল৷ কাৰণ ধৰ্মীয় মৰ্যাদাই অলপ হ'লেও তেওঁলোকৰ সামাজিক মৰ্যাদাৰ ক্ষোভ প্ৰশমিত কৰে৷ আনহাতে এই সমমৰ্যাদাই সকলোকে একগোট কৰি সম্প্ৰীতিৰ ডোলেৰে বান্ধ খোৱাতো সহায় কৰিলে৷ তদানীন্তন সময়ছোৱাত এক সুস্থ ধৰ্মীয় আদৰ্শৰ অভাব দেখা গৈছিল৷ সকলোৰে মাজত সম্প্ৰীতি, ঐক্য আৰু আধ্যাত্মিক ভাব জগাই তুলিবলৈ এক সহজ সাধন পন্থৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি শংকৰদেৱে 'একশৰণ নামধৰ্ম' বা 'নৱ-বৈষ্ণৱ ধৰ্ম'ৰ প্ৰচাৰ কৰে৷ নাম, দেউ, গুৰু, ভকত এই চাৰি তত্ত্বক সাৰথি কৰি ঐকান্তিক বৈষ্ণৱ ভক্তিমাৰ্গৰ প্ৰৱৰ্তন কৰি সুস্থ ধৰ্মীয় আদৰ্শৰে সকলোকে বান্ধি ৰাখে৷ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰধান লক্ষণসমূহ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে লিপিবদ্ধ কৰিছে এনেদৰে—
  • এই ধৰ্ম কৃষ্ণ ভক্তি প্ৰধান৷ ভাগৱত পুৰাণ আৰু গীতা এই মাৰ্গৰ প্ৰধান আৰু আদৰ্শ গ্ৰন্থ৷
  • শ্ৰৱণ আৰু কীৰ্তনৰ যোগে ভগৱানৰ উপাসনা৷
  • নানা দেৱ-দেৱীৰ ঠাইত অব্যাভিচাৰী ভক্তিৰ দ্বাৰা বিষুত আশ্ৰয়৷
  • যাগ-যজ্ঞ, তপস্যা-ব্ৰত আদি কষ্টসাপেক্ষ, ক্রিয়াবহুল সাধন বা উপাসনাৰ অনুপযোগিতা দৰ্শন৷
  • গুৰু আৰু সৎসংগৰ গভীৰ প্ৰভাৱ৷
  • ভক্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ-চণ্ডাল সকলোৰে সম অধিকাৰ৷

এই নীতি আদৰ্শসমূহ সহজভাৱে বুজাই দিয়াৰ লগতে উপাসনা কৰিবলৈ মহাপুৰুষজনাৰ লগতে তেওঁৰ অনুগামী বৈষ্ণৱ সন্তসকলে বিবিধ সাহিত্য উপচাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলাৰ লগতে অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্ণময় কৰি তোলে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে গুৰু দুজনাই সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ সত্ৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান৷ সৎ লোকক ত্ৰাণ কৰোৱা বা পুণ্যধামলৈ গতি কৰাৰ অৰ্থত সাধাৰণতে 'সত্ৰ' শব্দ ব্যৱহাৰ কৰা হয়৷ যজ্ঞ, ধৰ্মস্থান, দাতব্য, যোগ, সদাব্ৰত আদি অৰ্থতো সত্ৰ শব্দ প্ৰয়োগ কৰা হয়৷ মহাপুৰুষ শংকৰদেৱ অসমৰ সত্ৰানুষ্ঠানৰ প্ৰৱৰ্তক৷ সংগীত আৰু সুকুমাৰ কলাৰ চৰ্চাৰ ক্ষেত্ৰত সত্ৰানুষ্ঠান একক, অনন্য৷ সংগীতৰ ভিতৰত বৰগীত অন্যতম৷ গুৰু দুজনাৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱ সম্পন্ন পূৰ্ণাঙ্গ মাৰ্গীয় পৰ্যায়ৰ গীতকে বৰগীত বোলা হয়৷ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত, লগতে ৰাগ-তাল বিশিষ্ট৷ সত্ৰীয়া নৃত্য প্ৰধানকৈ ভাওনাৰ লগত জড়িত৷ সত্ৰীয়া নৃত্যৰ প্ৰথম পৰ্যায়টোক 'মাটি আখৰা' বোলা হয়৷ সত্ৰীয়া নৃত্য মূলতঃ শাস্ত্ৰীয় নৃত্য৷ শংকৰদেৱে এই নৃত্য অসমত সৃষ্টি কৰিছিল৷ ভাওনা মহাপুৰুষ জনাৰ দ্বাৰা সৃষ্ট অন্যতম অনুষ্ঠান৷ শংকৰদেৱৰ আগলৈকে অসমত কোনো নাট্যানুষ্ঠানৰ উল্লেখ পোৱা নাযায়৷ গুৰুজনাই অসমৰ থলুৱা কেতবোৰ নাট্যধৰ্মী অনুষ্ঠান (দেৱদাসী নৃত্য, ওজাপালী, পুতলা নাচ), সৰ্বভাৰতীয় লোকনাট্যধৰ্মী অনুষ্ঠান আৰু সংস্কৃত (ভান আদি) নাটকৰ পৰা উপাদান আহৰণ কৰি অংকীয়া ভাওনা বা নাটক সৃষ্টি কৰে৷ অংকীয়া ভাওনা নৃত্য-গীত প্ৰধান৷সত্ৰৰ দৰে নামঘৰো অসমৰ জাতীয় জীৱনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান৷ অসমৰ ভক্তি আন্দোলনৰ অন্যতম দিশ 'নাম কীৰ্তন'ৰ আধাৰতে নামঘৰ গঢ়ি তোলা হৈছে৷ মণিকূট, মূল কীৰ্তন ঘৰ, ছোঁ ঘৰ আৰু বাটচ'ৰা এইকেইটা নামঘৰৰ প্ৰধান অংশ৷ নামঘৰ গঞালোকৰ ধৰ্মীয় অৰু শিল্পচৰ্চাৰ কেন্দ্ৰস্থল৷ ধৰ্মীয়-অনুষ্ঠান হিচাপে ইয়াত নাম-কীৰ্তনকে ধৰি বাৰ্ষিক বৰসবাহ, ভাওনা, পালনাম আদি পতা হয়৷ ইয়াত গাঁৱৰ লোকসকলক নৃত্য-গীত-বাদ্যৰ শিক্ষা দিয়া হয়৷ এসময়ত গাঁৱৰ নামঘৰক কেন্দ্ৰ কৰিয়েই গা-কৰি উঠিছিল উচ্চ মানবিশিষ্ট ঘৰুৱা শিল্প আৰু খনিকৰী শিল্প চৰ্চা৷ ফলস্বৰূপে গাঁৱৰ খনিকৰসকলে গাঁৱৰ নামঘৰৰ প্ৰয়োজনীয় তিনি খলপীয়া, পাঁচ খলপীয়া, সাত খলপীয়া সিংহাসন, গৰুড়াসন, কৰণি, ৰাঙলি শৰাই, ঠগা আদি সাজি উলিয়াইছিল৷ সুন্দৰ সুন্দৰ লতা, ফুল, মূৰ্তি আদি কাটি উলিয়াইছিল৷ লিখনীত হেঙুল-হাইতাল প্ৰয়োগ কৰিছিল৷ নামঘৰৰ মণিকূট, বেৰ-দুৱাৰ আদিত বিষুৰ দশাৱতাৰ, বাইশ অৱতাৰ, চৌবিবশ অৱতাৰ লগতে বৈষ্ণৱ ধৰ্মৰ লগত জড়িত বিভিন্ন পুৰাণ কাহিনীৰ চিত্ৰ অংকন কৰি তাত হেঙুল হাইতাল বোলাই দিছিল৷ সেইদৰে ভাওনাত প্ৰয়োজন হোৱা ধনু, কাঁড়, তৰোৱাল, গদা, মুকুট, কিৰীটি, চুলি, বিভিন্ন দেৱ-দেৱতা, ৰাক্ষস, কিন্নৰ, নাগ, বিভিন্ন জন্তু, যেনে ঘোঁৰা, বাঘ, গৰু, বান্দৰ আদিৰ মুখা সঁজাৰ চৰ্চা নামঘৰৰ যোগেদি চলি আহিছে৷ এইবোৰৰ উপৰি বাঁহ-কাঠৰ ফণি, কাকৈ, বেটৰ বটা, শৰাই, বাঁহ-বেতৰ বিচনী, ফুলাম জাপি, পাচি, খৰাহী, চালনী, কুলা, ডলা, উঘা, চেৰেকী আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ নিৰ্মাণ আজৰি সময়ত পুৰাণ, ভাগৱতাদি পঠন-শ্ৰৱণৰ মাজেদি চৰ্চা হৈ আহিছে৷ এক অৰ্থত অনানুষ্ঠানিক শিক্ষাকেন্দ্ৰ হিচাপেও নামঘৰে অসমীয়া সমাজলৈ অৱদান আগবঢ়াই আহিছে৷ নামঘৰক লোকআদালত বুলিও ক'ব পাৰি৷ লোকআদালত হিচাপে নামঘৰত সৰুসুৰা সামাজিক সমস্যা, দায়-দোষ, কাজিয়া পেচাল, পাপ-পুণ্য আদি গাঁওবুঢ়াকে প্ৰমুখ্যে কৰি নামঘৰৰ বিষয়ববীয়াসকলে বিচাৰ কৰি দিয়ে৷এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে মহাপুৰুষদুজনাই বিভিন্ন ধৰণে অসমীয়া সমাজজীৱনক প্ৰভাৱিত কৰাৰ লগতে অসমীয়া সমাজ গঠনৰ এক সঠিক আৰু সুস্থ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰে৷  

অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় অধ্যায়)




দ্বিতীয় অধ্যায়

শংকৰী যুগৰ অসমীয়া সাহিত্য

২.১ শংকৰী যুগৰ অসমীয়া সাহিত্য 

শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক'লে আমি খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগ পৰ্যন্ত ৰচিত সাহিত্যৰাজিৰ কথাই বুজোঁ। এই সময়ছোৱাই আছিল অসমীয়া সাহিত্যৰ ঐশ্বৰ্যময় আৰু সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ অৰ্থে ৰচনা কৰা সাহিত্যৰাজিৰ মাজত এই সন্তগৰাকীৰ প্ৰতিভাৰ পূৰ্ণ প্ৰতিফলন ঘটাৰ লগতে তেওঁৰ আদৰ্শেৰ অনুপ্ৰাণিত কৰি বহু সাহিত্যিক-কবিক কাব্যচৰ্চাত আত্মনিয়োগ কৰাবলৈ সক্ষম হৈছিল।
শংকৰদেৱৰ বহুমুখী অৱদানলৈ লক্ষ্য কৰি সাহিত্যৰ ইতিহাসকাৰসকলে এই যুগটিক 'শংকৰী যুগ' বুলি অভিহিত কৰাৰ লগতে 'নৱ-বৈষ্ণৱ যুগ' বুলিও অভিহিত কৰে। অসমত শংকৰদেৱে আৰম্ভ কৰা 'নৱ-বৈষ্ণৱ আন্দোলন'ৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিবিধ সাহিত্যৰাজি ৰচিত হৈছিল বাবে 'ভক্তি সাহিত্য' বা 'নৱ-বৈষ্ণৱ সাহিত্য'ৰ প্ৰকাশে অন্যতম প্ৰধান স্থান লাভ কৰিছিল। এই যুগটিক 'শংকৰী যুগ' 'নৱ-বৈষ্ণৱ যুগ' বা 'ভক্তি যুগ' বুলি কোৱাৰ খেও ধৰিয়েই ক'ব পাৰি 'শংকৰী সাহিত্য', 'নৱ-বৈষ্ণৱ সাহিত্য' বা 'অসমীয়া ভক্তি-সাহিত্য'ৰ মাজত কোনো পাৰ্থক্য নাই।
এই যুগটিৰ পটভূমি সম্পৰ্কে ক'বলৈ হ'লে আমি সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হোৱা 'ভক্তি আন্দোলন'ৰ বিষয়েও সম্যক ধাৰণা লাভ কৰিব লাগিব। খ্ৰীঃ পঞ্চদশ শতিকাৰ আশ-পাশৰ সময়খিনিত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হৈছিল বৈষ্ণৱ ভক্তি আন্দোলন। ভক্তি ধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সমুন্নতি। পণ্ডিতসকলে মত পোষণ কৰে যে বৈদিক বিষ্ণু উপাসনা পদ্ধতিৰ লগত লোকধৰ্মৰ সংযোগ প্ৰক্ৰিয়াৰ ফলত নৱ-বৈষ্ণৱ বা ভক্তি ধৰ্মৰ উদ্ভৱ আৰু বিকাশ হৈছে। খ্ৰীঃ পূৰ্ব কেইবা শতিকাৰ আগৰে পৰা বৈষ্ণৱ সমপ্ৰদায়ৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। বিভিন্ন সময়ৰ না না সাহিত্যৰাজি, প্ৰত্নলিপি, শিলালিপি, বেদ-বেদান্ত আদি শাস্ত্ৰসমূহেই ইয়াৰ প্ৰতিফলক। খ্ৰীঃ সপ্তমৰ পৰা দশম শতাব্দীত তামিল দেশৰ আলোৱাৰ ভক্তসকলে বৈষ্ণৱ ধৰ্মক অভিনৱভাৱে জনপ্ৰিয় কৰি তোলে। তেওঁলোকে তামিল ভাষাত ৰচিত আবেগপ্ৰসূত গীত (হেজাৰ গীত) পদ আৰু নৃত্যৰে বাল-গোপালক উপাসনা কৰিছিল। বিভিন্ন সমীক্ষকে ধাৰণা কৰে যে এই সময়ছোৱাতে 'ভাগৱত পুৰাণ'খন ৰচনা কৰা হৈছিল। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, নিম্বাকাচাৰ্য, মধবাচাৰ্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্ত মহাপুৰুষসকলে ভিন্ ভিন্ সময়ত বেলেগ বেলেগ ধৰণে ভাৰতৰ বিভিন্ন স্থানত বৈষ্ণৱ আন্দোলন প্ৰসাৰিত কৰে। তেওঁলোকৰ শিষ্য-প্ৰশিষ্যসকলে এই জাগৰণ তীব্ৰতৰ আৰু ব্যাপক ৰূপ প্ৰদান কৰে। চতুদৰ্শ-পঞ্চদশ শতিকাত বংগত চৈতন্যদেৱ আৰু অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা ধৰি সমাজত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰে। সবৰ্ভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলন বিকাশৰ আঁৰত কিছুমান ৰাজনৈতিক আৰু সামাজিক কাৰণেও অনুঘটক হিচাপে ক্তিয়া কৰিছিল। যথা-

·         নব্য ভাৰতীয় আৰ্যভাষাৰ স্বকীয় ৰূপ লাভ আৰু এই ভাষাবোৰলৈ সংস্কৃত সাহিত্যৰাজিৰ অনুবাদ।
·         একেশ্বৰবাদৰ পুনৰ প্ৰতিষ্ঠা। বৈষ্ণৱ ভক্তি মাৰ্গৰ সহায়েৰে ঐকাতিনক ভক্তিৰ আদৰ্শৰ প্ৰসাৰ তথা প্ৰচাৰ।
·         প্ৰান্তীয় ভাষাত সাধন প্ৰণালীৰ অনুশীলন আৰু ভক্তিমাৰ্গক প্ৰাধান্য দি প্ৰান্তীয় ভাষাত ৰচিত পুথিৰ প্ৰসাৰ।
·         ধমৰ্ সংস্কাৰকসকলে ভক্তিমাৰ্গৰ সংস্কাৰ সাধন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক আত্মিক বিকাশৰ সুবিধা প্ৰদান।
অসমতো খ্ৰীঃ শতাব্দীৰ আদি ভাগতে বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল। প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ৰচনাত বিভিন্ন ৰূপত বিষ্ণু মাহাত্ম্য বৰ্ণিত হৈছিল যদিও এক জাগৰণৰ বাবে যিমানখিনি প্ৰয়োজন সেয়া সৃষ্টি হোৱা নাছিল। শংকৰদেৱে হাতত আঁৰিয়া লৈ এই জাগৰণ অসমলৈ বোৱাই আনিলে আৰু পূৰ্বৰ বৈষ্ণৱ পৰম্পৰাৰ আধাৰত এক স্বতন্ত্ৰ বিশিষ্টতা প্ৰদান কৰি নৱ-বৈষ্ণৱ ধৰ্মৰ সাৰ্বজনীন ভেটি নিৰ্মাণ কৰিলে।
শংকৰদেৱে জীৱনৰ আদি কালছোৱাত বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান, মঠ-মন্দিৰ ভ্ৰমণ কৰি সেইসময়ৰ বিশিষ্ট ধৰ্মসাধকসকলৰ চিন্তাধাৰাৰ সৈতে পৰিচিত হৈছিল। এইবোৰৰ প্ৰভাৱত নিজ দেশলৈ উভতি আহি নিজৰ দেশ কাল আৰু পাত্ৰৰ উপযোগীকৈ বিভিন্ন সাহিত্য সৃষ্টি কৰি এক শৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। এই ক্ষেত্ৰত অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰক্ষাপটেও শংকৰদেৱক সহায় কৰিছিল। পুৰণি অসমত ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰি অসমৰ সকলো জাতি-উপজাতিক একতাৰ ডোলেৰে বান্ধি বহুদেৱতা উপাসনাৰ ঠাইত এক ঈশ্বৰৰ ভেটি স্থাপন কৰি সৰ্বসাধাৰণক ভগৱৎমুখী কৰি তোলে তেওঁ। মন কৰিবলগীয়া যে নিধানপুৰ তামৰ ফলি পুষ্যবৰ্মণৰ ডুবি তামৰ ফলি, ধৰ্মপালৰ পুষ্পভদ্ৰা শাসন আদিত বিষ্ণু উপাসনাৰ সমল উপলব্ধ হয়। এইবোৰে পূৰ্বৰে পৰা যে অসমত বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল তাৰ প্ৰমাণ দাঙি ধৰে।
আটাইতকৈ ডাঙৰ কথাটো হ'ল- সেইসময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি তথা শাসকসকলে সৰ্বসাধাৰণ ৰাইজৰ সামাজিক মৰ্যাদা একেবাৰে নিম্ন কৰি ৰাখিছিল। এওঁলোকেও এই অৱস্থাৰ পৰা পৰিত্ৰাণৰ বাট বিচাৰি ফুৰিছিল। সেই সময়তে শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক শৰণ নাম ধৰ্মৰ সমমৰ্যাদাৰ ধবনিয়ে সকলোকে আকৃষ্ট কৰে। কাৰণ সামাজিক মৰ্যাদা নোপোৱাৰ ক্ষোভ অলপ হলেও প্ৰশমিত কৰিছিল ধৰ্মীয় সমমৰ্যাদায়। তদপুৰি প্ৰাক্-শংকৰী যুগৰ কবিকূলে নিৰ্মাণ কৰি যোৱা অসমীয়া সাহিত্যৰ ভেটিত শংকৰদেৱ আৰু তেৰাৰ ছাঁয়া-প্ৰছাঁয়াৰ কবিসকলে বিবিধ কাব্য, গীত, নাটক, গদ্য আদিৰ সহায়েৰে এক মন্দিৰ প্ৰতিষ্ঠা কৰাৰ লগতে জনগণৰ মনত সৌন্দৰ্যবোধ জগাই সাংস্কৃতিকভাৱে সচেতনতা বৃদ্ধি কৰে। এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য স্মতৰ্ৱ্য-''অসমত নৱ জাগৃতিৰ শুভ সূচনা হয় যাৰ ফলত অসমীয়া সামাজিক জীৱন বহু পৰিমাণে শ্ৰীমণ্ডিত হৈ উঠে।''
ইতিমধ্যে উল্লেখ কৰা হৈছে যে শংকৰী যুগৰ সাহিত্যৰাজি ৰচিত হৈছিল মূলতঃ ধৰ্ম প্ৰচাৰৰ অৰ্থে। ধৰ্মৰ জটিল তত্ত্ব কথাবোৰ জনগণৰ সহজে বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তন কৰিবলৈ সহায়ক হোৱাকৈ কৃষ্ণ-মাহাত্ম্য প্ৰচাৰৰ অৰ্থে এই সকলোবোৰ ৰচিত হৈছিল। আদৰ্শবাদী ধাৰাৰ প্ৰাধান্যৰে ৰচিত সাহিত্যৰাজিৰ মাজত সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা ব্যক্ত হোৱা নাই। ভগৱন্ত পুৰুষৰ অৱতাৰী কথা, কৃষ্ণভক্তিৰ তাত্ত্বিক কথাবোৰেই এই ৰচনাসমূহৰ মাজত উদ্ভাসিত হৈছে। সেইবাবে তেওঁলোকে ৰচনা কৰা কাব্য-নাট-গীতত বিবিধ ৰসৰ প্ৰকাশ ঘটিলেও সেয়া যে ভগৱন্তৰ লীলাহে তাক বাৰে বাৰে সোঁৱৰাবলৈ পাহৰা নাই আৰু ভক্তিৰসৰ অমৃত ভণ্ডত সকলো ৰস বিলীন হৈছে। অন্তঃসলিলা ফুল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণ ৰতি বা ভক্তি ৰস।
এই সময়ৰ সাহিত্যৰাজি আছিল মূলতঃ অনুবাদমূলক। ভাগৱত পুৰাণকে মুখ্য হিচাপে লৈ বিবিধ পুৰাণৰ পৰা সমল সংগ্ৰহ কৰি সাহিত্য ৰচনাত ব্ৰতী হৈছিল এই সময়ৰ কবিসকল। উল্লেখযোগ্য যে অনুবাদমূলক সাহিত্য বা কোনো পুৰাণৰ আধাৰত সাহিত্য সৃষ্টি কৰিছিল যদিও এইবোৰৰ মাজত তেওঁলোকৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ যে প্ৰতিভাত হোৱা নাছিল এনে নহয়। বৰং মৌলিকতাৰ পৰশ ছত্ৰে ছত্ৰে অনুভূত হোৱাৰ লগতে অসমীয়া সমাজ জীৱনৰ অতিকে চিনাকী বিবিধ চিত্ৰেৰে ভৰপূৰ আছিল। নৱ-বৈষ্ণৱ কবিসকলে প্ৰদৰ্শন কৰা আদৰ্শ আৰু মাৰ্গ পৰিহাৰ কৰি লৌকিক ৰুচিৰে কাব্য বা সাহিত্য ৰচনা কৰা কবিসকলক এওঁলোকে বৰ ভাল চকুৰে চোৱা নাছিল। আনকি বহুসময়ত তুচ্ছ-তাচ্ছিল্যও কৰা হৈছিল। এই যুগৰ সাহিত্যৰাজিক আমি কাব্য, নাটক, গীত-বৰগীত-ভটিমা-অংকৰ গীত, অনুবাদমূলক, কথাবন্ধে ৰচিত গ্ৰন্থ আৰু চৰিত সাহিত্য আদি ভাগত বিভাজন কৰিব পাৰোঁ। এটা কথা ঠিক যে স্ত্ৰী-শূদ্ৰে সৰ্বলোকে বুজিব পৰাকৈ ৰচনা কৰা এই সময়ৰ সাহিত্যৰাজিয়ে আজিও অসমীয়া জাতীয় জীৱনত সমতা আৰু সংহতি অনাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আছে। অসমৰ নিৰক্ষৰ সমাজক অনানুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰি আহিছে। তলত এই সময়ছোৱাৰ প্ৰধান কবিসকল আৰু তেওঁলোকৰ সাহিত্যকৃতি সম্পৰ্কে আলোচনা কৰা হ'ল।

.     শংকৰী যুগৰ সাহিত্যিকসকল

অসমীয়া সাহিত্যৰ জনক শংকৰদেৱকে কেন্দ্ৰত লৈ এই সময়ছোৱাত বিভিন্ন ভক্ত সন্তসকলে অসমীয়া ভাষা-সাহিত্যক উচ্চ স্থানত উপৱিষ্ট কৰালে৷ শংকৰদেৱৰ বাদে এই সময়ৰ আন আন ভক্ত সাহিত্যিকসকল ' মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, কংসাৰি কবি, সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলি, ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্ৰ, দামোদৰদেৱ, ভট্টদেৱ আদি৷ তলত তেওঁলোকৰ সাহিত্যকৰ্ম সম্পৰ্কে আলোচনা কৰা 'ল৷

..  শংকৰদেৱ

শংকৰদেৱে নিজৰ পৰিচয় তেওঁৰ বিভিন্ন ৰচনাৱলীত ছেগা-চোৰোকাকৈ দি গৈছে৷ ৮ম স্কন্ধ ভাগৱত এওঁ উল্লেখ কৰা নিজৰ বংশ পৰিচয়টি এই ক্ষেত্ৰত উল্লেখযোগ্য—
টেমোনীয়া বন্ধে গ্ৰাম   বটদ্ৰৱা যাৰ নাম
লৌহিত্যৰ জলে অনুকূল৷
ভৈলা সেহি গ্ৰামেশ্বৰ          যাৰ নাম ৰাজধৰ
কায়স্থ কুলৰ পদ্মফুল৷৷
তান পুত্ৰ সূৰ্যধৰ            মহা বৰা বংশধৰ
আতি গুণৱন্ত সন্ত শিষ্ট৷
যাৰ যশ এভো জ্বলৈ    জয়ন্ত মাধৱ দলৈ
দুই ভাই যাহাৰ কনিষ্ঠ৷৷
তান হৈতে ভৈল জাত   সমস্ত দেশতে খ্যাত
প্ৰসিদ্ধ কুসুম নাম যাৰ৷
গুণৱন্ত মহামানী      দাতাৰ অগ্ৰতগণি
শিৰোমণি সমস্ত ভূঞাৰ৷৷
তাহাৰ তনয় কবি     কৃষ্ণৰ চৰণ সেবি
শংকৰে ৰচিলা ইটো গীত৷
শুনিয়োক বুধ লোক    মোৰ পদ যেন হোক
কৃষ্ণকথা শুনি ৰঞ্জা চিত্ত৷৷
বৰদোৱাৰ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ পুত্ৰ হিচাপে ১৪৪৯ চনত শংকৰদেৱৰ জন্ম হয়৷ নিচেই সৰু কালতে তেওঁৰ পিতৃ-মাতৃৰ লোকান্তৰ ঘটে৷ বুঢ়ীমাক খেৰসুঁতীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হোৱা শংকৰদেৱৱ প্ৰায় দহ বছৰ বয়সলৈকে কোনো শিক্ষানুষ্ঠানত ভৰ্তি হোৱা নাছিল৷ দহ বছৰ বয়সত বুঢ়ী মাকে তেওঁক মহেন্দ্ৰ কন্দলিৰ টোলত নাম ভৰ্তি কৰাই দিয়ে৷ তেওঁ অতি কম বয়সৰ ভিতৰতেই নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি টোলৰ ওজা ছাত্ৰ হিচাপে নিৰ্বাচিত হয়৷ প্ৰচলিত বিশ্বাস মতে ইয়াত পঢ়ি থকা কালতেই 'ভকতিৰ চাৰিখুটি মাৰি' হৰিশ্চন্দ্ৰ উপাখ্যান পুথিখন ৰচনা কৰে৷ সোতৰৰ পৰা কুৰি বছৰ বয়সৰ ভিতৰত তেওঁ পঢ়াশলীয়া শিক্ষা সাং কৰি পাৰিবাৰিক দায়িত্ব কান্ধ পাতি লয়৷
ডেকাগিৰি হিচাপে পৰিচিত হৈ পৰা শংকৰদেৱে টোলৰ পৰা উভতি আহি 'শিৰোমণি ভূঞা' বাব গ্ৰহণ কৰে আৰু একৈশ বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰায়৷ এটি কন্যা সন্তান জন্ম দিয়াৰ মাহ পাছতেই সূৰ্যৱতীয়ে ইহলীলা সম্বৰণ কৰে৷ এই ঘটনাই শংকৰদেৱক সংসাৰৰ প্ৰতি বিৰাগ জন্মায় আৰু ইহ সংসাৰৰ প্ৰতি নিস্পৃহ কৰি তোলে৷কন্যা মনুক বিয়া দিয়েই কেইজনমান সংগী (সোতৰজন) সৈতে তেওঁ বত্ৰিশ বছৰ বয়সত (১৪৮১ খ্ৰীঃ) প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়৷ বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থ স্থান, ধৰ্ম স্থান ভ্ৰমণ কৰে৷ এই ভ্ৰমণ কালতে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সন্ত-মহন্তক, বিশেষকৈ ভক্তি আন্দোলনৰ পুৰোধা ব্যক্তি, প্ৰচাৰকাৰীসকলক লগ পাইছিল৷ তেওঁলোকৰ সৈতে ধৰ্ম-দৰ্শন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ নতুন ধৰণে, অসমৰ সামাজিক প্ৰেক্ষাপটত খাপ খোৱাকৈ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ অনুপ্ৰেৰণা লাভ কৰে৷
তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পাছত বিভিন্ন আত্মীয়-স্বজনৰ অনুৰোধ পেলাব নোৱাৰি শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে বিবাহ কৰাবলৈ সন্মত হয় আৰু কালিন্দী আইৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তথাপিও তেওঁ গৃহস্থী ধৰ্মত বৰ মন নিদি ভক্তি ধৰ্ম প্ৰচাৰলৈহে মন মেলে৷ প্ৰথমতে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰে সংস্কাৰ সাধন কৰি বেলেগ ধৰণে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰে৷ বৰদোৱাত থকা কালতে তেওঁ সৰিয়হ তলি চিকুণাই তাতে নামঘৰ প্ৰতিষ্ঠা কৰি চিহ্নযাত্ৰা  ভাওনা মঞ্চস্থ কৰে আৰু নব্য ধাৰণাৰে ধৰ্ম প্ৰচাৰৰ প্ৰক্রিয়া আৰম্ভ কৰে৷
ইয়াৰ পাছতেই তেওঁ ১৫১৬ চন মানত বৰদোৱা এৰি লুইতৰ উত্তৰ পাৰলৈ গৈ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গাংমৌত থাকে৷ ১৫২১চন মানত তেওঁ মাজুলীৰ ধুঁৱাহাট বেলগুৰিলৈ যায়৷ উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতেই তেওঁৰ প্ৰধান শিষ্য 'বৰাৰ পো' মাধৱদেৱৰ সৈতে মিলন ঘটে৷ এই মিলনক পণ্ডিত সমাজে 'গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ' বুলি চিহ্নিত কৰে৷ এই সময়ছোৱাতে মাধৱদেৱৰ উপৰি ৰত্নাকৰ কন্দলি, ভাস্কৰ বিপ্ৰ, ব্যাস কলাই আদিয়েই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মধ্য অসমৰ আকাশ-বতাহ নাম-কীৰ্তনৰ ৰোলেৰে মুখৰিত কৰে৷ অৱশ্যে এটা কথা উল্লেখযোগ্য যে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পথ ইমান নিষ্কণ্টক নাছিল৷ বিভিন্ন সময়ত ভিন্ভিন্ব্যক্তি তথা আহোম ৰজাৰ ফালৰ পৰাও অসুবিধাৰ সন্মুখীন হৈছিল৷ আনকি হাতী ধৰিব নোৱাৰাৰ অজুহাতত আহোম ৰজাই এওঁৰ জোঁৱায়েক হৰিদেৱক শিৰচ্ছেদ কৰে আৰু মাধৱদেৱক বছৰেক কাল বন্দী কৰি থোৱাৰ দৰে হয়৷
এই ঘটনাই শংকৰদেৱৰ স্থান পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰিলে৷ তেওঁ কোচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰ পশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰ সাজি থাকিবলৈ লয়৷ ইয়াৰ পৰাই ১৫৪৬চন মানত তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়৷ এইবাৰ পিছে তেওঁ ছমাহতে তীৰ্থ যাত্ৰা সামৰে৷ ইয়াত থকা কালছোৱা শংকৰদেৱৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল৷ ধৰ্ম প্ৰচাৰৰ উপৰি বিভিন্ন সাহিত্য সৃষ্টিয়ে এই কালছোৱা ভৰাই তুলিছিল শংকৰদেৱে৷ উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতো তেওঁ নিষ্কণ্টকভাৱে ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল৷ অৱশ্যে চিলাৰায় দেৱানৰ বিশেষ যত্নত তেওঁ নৰনাৰায়ণ ৰজাৰ  পৃষ্ঠপোষকতা লাভ কৰে৷ ইয়াত থকা কালছোৱাতে শংকৰদেৱে পাটবাউসীৰ পৰা বেহাৰলৈ ভালেমান বাৰ অহা-যোৱা কৰিছিল৷ বেহাৰত থকা সময়ছোৱাতে তেওঁৰ গাত এটা ফোঁহোৰা ওলায় আৰু ইয়াৰ ফলতেই ১৫৬৮চনত 'বৰাৰ পো' মাধৱদেৱৰ হাতত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ভাৰ সমৰ্পণ কৰি ভৱলীলা সম্বৰণ কৰে৷
অসমীয়া সংস্কৃতিৰ এনে এটা দিশ নাই ' শংকৰদেৱৰ হাতৰ পৰশ অনুভূত নহয়৷ অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি সময়ৰ বান্ধোনেৰে একগোট কৰি সেই সমতি ৰূপটিক গভীৰ আৰু স্থায়ী ৰূপ দিয়াৰ চেষ্টা কৰিছিল তেওঁ৷ একাধাৰে ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি,  অনুবাদকাৰী, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকাৰ আদি বিবিধ গুণৰ সমাহাৰেৰে এইজনা মহান পুৰুষে অসমীয়া জাতিটোক এক নিজস্ব পৰিচয় দিয়ালে৷ এই ক্ষেত্ৰত বাণীকান্ত কাকতিৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান৷’’
শংকৰদেৱৰ বহুমুখী দান সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে ভিন্ভিন্ধৰণে শ্ৰেণী বিভাজন কৰিছে ৰচনাক্রমৰ আধাৰত, তত্ত্ব নিৰূপণৰ আধাৰত, বন্ধৰ আধাৰত, মৌলিকতা আধাৰত বা ভাষা প্ৰয়োগৰ আধাৰত৷ আমি এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাই তত্ত্ব নিৰূপণৰ আধাৰত কৰা শ্ৰেণী বিভাজনকেই গ্ৰহণ কৰি ইয়াত উল্লেখ কৰিলোঁ৷
·         কাব্যঃ হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুণিীহৰণ কাব্য, বলিছলন কাব্য, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ৷
·         ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থঃ ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱ-সিদ্ধ-সংবাদ, অনাদিপতন৷
অনুবাদমূলকঃ ভাগৱত ১ম, ২য়, ষষ্ঠ (অজামিল উপাখ্যান), ৮ম (বলিছলন, অমৃত মথন), আদ্য দশম, ১১শ, ১২শ স্কন্ধ ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ৷
·         অংকীয়া নাটঃ পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুণিীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়৷
·         গীতঃ বৰগীত, ভটিমা, টোটয় আৰু চপয়৷
·         নাম প্ৰসঙ্গঃ কীৰ্তন আৰু গুণমালা৷

·         কাব্যঃ মাৰ্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়ৰ আধাৰত ৰচনা কৰা 'হৰিশ্চন্দ্ৰ উপখ্যান' শংকৰদেৱৰ আদি ৰচনা৷বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাই ' এইখন কাব্যৰ মূল উপপাদ্য৷ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে গুৰুজনাই মূলৰ কাহিনীভাগৰ ভালেখিনি পৰিৱৰ্তন সাধন কৰি এই কাব্যখনত উপস্থাপন কৰিছে৷ 'চাৰিখুটা মাৰি সেৱক'লৈ অৰ্থাৎ ভক্তিৰ ক্ষেত্ৰখনি চাৰিওফালে খুটিমাৰি কৃষ্ণ সেৱকৰ বাবে নিকপকপীয়া কৰিবলৈকে শংকৰদেৱে এই কাব্যখন ৰচনা কৰিছিল৷
হৰিবংশৰ পৰা গ্ৰহণ কৰা কাহিনীভাগৰ লগত ভাগৱত পুৰাণৰ কথা মিহলাই  শংকৰদেৱে তেওঁৰ দ্বিতীয়খন কাব্য 'ৰুক্মিণী হৰণ কাব্য' ৰচনা কৰে৷ স্থানীয় সাঁচত পেলাই কৰা চৰিত্ৰ চিত্ৰণ, পৰিৱেশ চিত্ৰণ আৰু স্থানীয় বচনভংগী এইখন কাব্যৰ প্ৰধান বৈশিষ্ট্য৷ মূলৰ পৰা কাহিনীভাগ চয়ন কৰিলেও কবিয়ে নিজৰ মৌলিকত্বৰ পৰশ বাৰুকৈয়ে ৰাখি গৈছে এইখনি কাব্যত৷ শৃংগাৰ আৰু বীৰৰসৰ প্ৰাধান্য থাকিলেও কাব্যখনিত হাস্যৰসৰ ছিটিকনিয়ে উপভোগ্য কৰি তুলিছে৷ ভাগৱতৰ ৫ম স্কন্ধৰ ২য় অধ্যায়, ৬ষ্ঠ স্কন্ধৰ - অধ্যায়ৰ পৰা আহৰণ কৰা কাহিনী ভাগেৰে 'অজামিল উপাখ্যান'খন শংকৰদেৱে ৰচনা কৰে৷ মূলৰ পৰা আঁতৰি নাহি পৰম অনাচাৰী, পৰম পাতকীজনেও নামৰ মহিমাৰ বলত 'চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ' বুলি মন্তব্য কৰি কৃষ্ণ-বিষুৰ মাহাত্ম্য প্ৰকাশ কৰা এইখনি কাব্যত গভীৰ ভক্তিতত্ত্বক কাব্যিক সুষমাৰে আকৰ্ষণীয় ৰূপত তুলি ধৰাত সফল হৈছে শংকৰদেৱ৷
'বলিচলন' কাব্যখন ভাগৱত আৰু বামণ পুৰাণৰ পৰা সমল আহৰণ কৰি ৰচনা কৰা হৈছে৷ বামণে তিনিপদ ভূমি বিচাৰি কিদৰে অত্যাচাৰী বলিক ছলনা কৰিলে সেয়া বৰ্ণনা কৰি কবিয়ে কৃষ্ণপদৰ মাহাত্ম্য ঘোষণা কৰিছে৷ ভাগৱতৰ অষ্টম স্কন্ধৰ আধাৰতে 'অমৃত মথন' নামৰ কাব্যখন কবিজনাই ৰচনা কৰে৷ ভাগৱতৰ ১৫ম-১৩শ অধ্যায়ত বৰ্ণিত কাহিনীভাগৰ লগত নিজস্ব কিছু সংযোগ কৰি দেৱতা অসুৰৰ মাজৰ যুদ্ধৰ কথা বৰ্ণনা কৰি অমৃত হস্তগত কৰিবলৈ বিষুৱে কেনেদৰে মোহিনী ৰূপ ধাৰণ কৰিছিল সেই কথা বৰ্ণনা কৰিছে এইখন কাব্যত৷ ঠিক সেইদৰে ভাগৱতৰ দশম স্কন্ধৰ ৮২-৮৫ম অধ্যায়ৰ বৰ্ণিত কৃষ্ণ তথা যাদৱ বংশৰ কুৰুক্ষেত্ৰলৈ যাত্ৰা, নন্দ যশোদা আৰু গোপসকলৰ লগত পুনৰ মিলন, কৃষ্ণৰ প্ৰধান মহিষীসকলৰ নিজ নিজ বিবাহৰ বিৱৰণ, বাসুদেৱৰ যজ্ঞ অনুষ্ঠান, নন্দ যশোদাৰ কৰুণ বিদায় আদি ঘটনাকে আধাৰ হিচাপে লৈ 'কুৰুক্ষেত্ৰ' কাব্যখন ৰচনা কৰা হৈছে৷ এই তিনিওখন কাব্যৰ বৰ্ণনাত ভক্তিবাদৰ মনোৰম সংযোগ ঘটিছে বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে৷
ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থঃ কৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ জৰিয়তে ভক্তিৰ তত্ত্বসমূহ প্ৰকাশ কৰিবলৈকে মহাপুৰুষজনাই 'ভক্তি প্ৰদীপ' ৰচনা কৰিছিল৷ ঠিক সেইদৰে সৃষ্টিতত্ত্ব, পিণ্ড ব্ৰহ্মাণ্ড-তত্ত্ব, ষট চক্রৰ কথা, ছৌবিছ তত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিৱৰণেৰে ৰচনা কৰা 'অনাদি পতন' গ্ৰন্থখনৰ আধাৰ গ্ৰন্থ ' ভাগৱতৰ তৃতীয় স্কন্ধ আৰু বামণ পুৰাণ৷ -গৰাকী সিদ্ধৰ লগত নিমি ৰজাৰ কথোপকথনৰ যোগেদি আধ্যাত্মিক আৰু ভক্তিতত্ত্বৰ কথা আলোচনা কৰা হৈছে 'নিমি-নৱ-সিদ্ধ সংবাদ'ত৷ 'ভক্তি ৰত্নাকৰ' সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল৷ এইখন এখন প্ৰকৰণমূলক গ্ৰন্থ আৰু ইয়াত বিভিন্ন শ্লোক সংস্কৃত শাস্ত্ৰৰ পৰা চয়ন কৰি সংকলিত কৰা হৈছে৷ পৰৱৰ্তী কালত ৰামচৰণ ঠাকুৰে এই কাব্যখন অসমীয়ালৈ অনুবাদ কৰে৷ বৈষ্ণৱ ধৰ্মৰ তাত্ত্বিক দিশসমূহ সহজবোধ্য কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টা এই কাব্যকেইখনত অনুভূত হয়৷
·         অনুবাদমূলকঃ শংকৰদেৱৰ প্ৰায়খিনি ৰচনাই মূলতঃ অনুবাদমূলক যদিও কেইখনমান অনুবাদ কৰোঁতে তেওঁ সততে মূলৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছিল আৰু কল্পনা সংযত কৰিছিল৷ সেই ৰচনাৰাজিকে অনুবাদমূলক সাহিত্যৰ অন্তৰ্ভুক্ত বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে৷ উল্লেখযোগ্য যে পুৰাণ সূৰ্য ভাগৱত ' বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথি স্বৰূপ৷ এইখন পুৰাণৰ ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১১শ, ১২শ স্কন্ধ শংকৰদেৱে অসমীয়া লোকসমাজৰ সহজবোধ্যভাৱে অনুবাদ কৰিছিল৷ ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম ৪৯টা অধ্যায় (৯০টা ভিতৰত) শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল৷ এইখিনিক আদি দশম বুলি কোৱা হয়৷ কৃষ্ণৰ 'ৰালি কালৰ বিভিন্ন কাহিনী আৰু ঘটনা এই অংশটোত বৰ্ণিত হৈছে৷মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰাকাণ্ড দুয়োটা নোহোৱা হোৱাত গুৰুজনাই নিজে উত্তৰা কাণ্ড ৰচনা কৰে আৰু প্ৰধান শিষ্য মাধৱদেৱক আদি কাণ্ড ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে৷
·         অংকীয়া নাটঃ শংকৰদেৱৰ প্ৰধান সৃষ্টিকাৰ্যসমূহৰ ভিতৰত এক নব্য নাট্য শৈলী সৃষ্টিয়েই ' আটাইতকৈ উল্লেখযোগ্য৷ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সৰিয়হ তলি চিকুণাই নামঘৰ পাতি তাতে চিহ্নযাত্ৰা অভিনয় কৰি শংকৰদেৱে এই পৰম্পৰাৰ পাতনি  মেলে৷ 'চিহ্নযাত্ৰা' নাটখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই৷ এটা কথা ঠিক যে পূৰ্বতে অসমত বিভিন্ন লোকনাট্য পৰম্পৰা চলি আছিল যদিও সেইবোৰৰ সংস্কাৰ সাধন কৰি সৃষ্টি কৰা কোনো ধৰণৰ নাট্য পৰম্পৰাৰ প্ৰচলন নাছিল৷ শংকৰদেৱ ' ইয়াৰ প্ৰথম সংস্কাৰক, সেয়ে তেৰাক অসমীয়া নাটকৰ জনক বোলা হয়৷ ব্ৰজাৱলী ভাষাত ৰচনা কৰা তেওঁৰ নাটকসমূহ ' ক্রমে পত্নী প্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মীণিহৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়৷
·         গীতঃ শংকৰদেৱে ৰচনা কৰা গীতসমূহক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ যথা বৰগীত, ভটিমা, টোটয় আৰু চপয়৷'বৰগীত' মহাপুৰুষজনাৰ অন্যতম অভিনৱ সৃষ্টি৷ এই নামকৰণটি মহাপুৰুষজনাই  কৰা নাই যদিও পৰৱৰ্তীকালত বৈষ্ণৱ ভক্তসকলে আন গীতৰ পৰা পৃথক কৰিবলৈ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণী গীতক বৰগীত বুলি আখ্যায়িত কৰে৷ 'মন মেৰি ৰাম চৰণেহি লাগু' শিৰোনামৰে বদৰিকাশ্ৰমত ৰচনা কৰা (প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কালত) গীতটোৱেই ' প্ৰথম বৰগীত৷ শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল যদিও কমলা বায়ন নামৰ ভকত এজনে আওৰাবলৈ নিওঁতে সেয়া বনপোৰা জুয়ে পুৰিলে৷ তাৰে ৩৪টাহে ভকতৰ মুখত 'ল৷ সেই দুখতে শংকৰদেৱে আৰু বৰগীত ৰচনা নকৰি মাধৱদেৱক ৰচনা কৰিবলৈ আজ্ঞা কৰে৷ বৰগীতৰ ভাষা ব্ৰজাৱলী৷ ভটিমা মানে স্তুতি বা প্ৰশস্তি৷ ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহেই ভটিমা৷ মহাপুৰুষজনাই 'নাট-ভটিমা', 'দেৱ ভটিমা' আৰু 'ৰাজ ভটিমা' বুলি তিনিশ্ৰেণীৰ ভটিমা সৃষ্টি কৰিছিল৷ দেৱতাক স্তুতি কৰা গীতসমূহ দেৱ ভটিমা, ৰজাৰ স্তুতি কৰা ভটিমাসমূহ ৰাজ ভটিমা আৰু নাটবোৰ কাহিনীৰ স্বাৰ্থত কাৰোবাৰ স্তুতি বা প্ৰশস্তিত গোৱা গীতসমূহ নাট ভটিমা৷ উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত মাধৱদেৱে শংকৰদেৱক স্তুতি কৰাৰ নিমিত্তে 'গুৰু ভটিমা' সংযোগ কৰি চতুৰ্থটো ভটিমাৰ সৃষ্টি কৰে৷ 'টোটয়' পদটো সংস্কৃত 'টোটক' পদৰ পৰা আহিছে৷ এবিধ সংস্কৃত ছন্দ বিশেষ৷ নৰনাৰায়ণৰ ৰাজসভাত থাকোঁতে বিষ্ণুৰ মহিমা প্ৰকাশক এক শ্ৰেণীৰ শ্লোক লিখিছিল শংকৰদেৱে আৰু সেয়াই টোটক৷ উদাহৰণস্বৰূপে 'মধু-দানৱ-দাৰণ দেৱ বৰম্‌' শ্লোকটিৰ কথা ' পাৰি৷ আনহাতে 'চপয়' ছন্দত ৰচিত স্তৱ বা গুণানুকীৰ্তনমূলক গীতবোৰেই চপয়৷
·                     নাম প্ৰসংগমূলক গ্ৰন্থঃ এক শৰণ নাম ধৰ্মৰ চাৰি পুথিৰ অন্যতম 'কীৰ্তন'খন ' শংকৰদেৱৰ এখন উল্লেখযোগ্য পুথি৷ কীৰ্তনত মুঠতে ২৭টা স্বয়ংসম্পূৰ্ণ কাহিনী সন্নিৱিষ্ট হৈ আছে৷ শংকৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱৰ আজ্ঞা মতে ভাগিন ৰামচৰণে বিভিন্ন খণ্ড সংগ্ৰহ কৰি একগোট কৰি সংকলিত কৰে৷ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্তনৰ গুৰুত্ব সৰ্বাধিক বুলি শংকৰদেৱে বিবেচনা কৰে৷ সেয়ে এই দুয়োটা দিশৰ অভাৱ পূৰণ কৰিবৰ বাবেই তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত এই খণ্ডসমূহ লিপিবদ্ধ কৰিছিল৷ভগৱন্তৰ নাম বা লীলামালাক আবৃত্তি কৰাকে কীৰ্তন আৰু শুনাকে শ্ৰৱণ কৰা বুলি কোৱা হয়৷ইয়াত ভজনীয় ঈশ্বৰৰ স্বৰূপ নিৰ্ণীত হৈছে৷
এই গ্ৰন্থখনৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এষাৰ মন্তব্য কৰিছিল— ‘‘ভাষাৰ  লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাবৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শংকৰদেৱৰ  কীৰ্ত্তন ৰচিত৷’’ ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি গ্ৰন্থখনৰ সুদূৰ প্ৰসাৰী ভূমিকাৰ কথা, কালজয়ী ভাবটিৰ কথা৷ উল্লেখযোগ্য যে বৰ্তমান প্ৰচলিত কীৰ্তন পুথিখনত মাধৱদেৱৰ ভণিতাযুক্ত 'ধ্যানবৰ্ণন', ৰত্নাকৰ কন্দলিৰ 'সহস্ৰ নাম বৃত্তান্ত' আৰু শ্ৰীধৰ কন্দলিৰ 'ঘুনুচা কীৰ্তনো' সন্নিৱিষ্ট হৈ আছে৷
মাত্ৰ ৩৭৭ টা পদৰ সমষ্টি, ছয় আখৰীয়া কুসুমমালা ছন্দেৰে ৰচিত গুণমালা এখন উল্লেখযোগ্য গ্ৰন্থ৷ ব্যক্তিগতভাৱে বা অকলশৰীয়াকৈ ঈশ্বৰৰ লীলা স্মৰণ কৰাৰ বাবে এইখন পুথি ৰচিত৷ নৰনাৰায়ণৰ ৰাজসভাত তেওঁ পণ্ডিতসকলক হাতী মাৰি ভুৰুকাত ভৰাবলৈ কোৱাত শংকৰদেৱে সমস্ত ভাগৱত পুৰণাখনৰ কথাবস্তু এই কেইটামান পদত প্ৰতীকাত্মকভাৱে ভুৰুকাত ভৰাই তুলি দিছিল৷ গুণমালাখনত ৬টা খণ্ডত বিষয়বস্তু বিভাজন কৰি থোৱা হৈছে৷




২.৪.২   মাধৱদেৱ

মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত৷ পিতৃ গোবিন্দগিৰি ভূঞা আৰু  মাতৃ মনোৰমা৷ গোবিন্দগিৰিৰ আন এটি জনাজাত নাম আছিল লামকনা৷ জীৱিকাৰ সন্ধানত গোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হৈছিল৷ এনে দৰে ঘূৰি ঘূৰি আৰ্থিক দুৰৱস্থাৰ হেতু হাবুং নামৰ ঠাইলৈ আহি তাতে ঘাঘৰ মাজি নামৰ এজন লোকৰ আশ্ৰয়ত থাকিবলৈ লয়৷ পৰৱৰ্তী কালত তেওঁলোক ভটিয়াই ৰৌতা অঞ্চললৈ আহে৷ ইয়াতেই মাধৱদেৱৰ ভনীয়েক উৰ্বশীক গয়াপাণি ভূঞা (পাছলৈ ৰামদাস বুলি খ্যাত) নামৰ এজন লোকলৈ বিয়া দিয়ে৷ ৰৌতাত কিছু  কাল থাকি পিছত গোবিন্দগিৰিয়ে পূৰ্বৰ ঠাই বাণ্ডুকালৈ উভতি যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱৰ শিক্ষা আৰম্ভ হয়৷ ইতিমধ্যে বাপেক গোবিন্দগিৰিৰ দেহান্তৰ ঘটে৷ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে৷
মাধৱদেৱ প্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল আৰু এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰ পৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল যদিও তেওঁ ছাগলী বিচাৰি নানি শংকৰদেৱৰ ধৰ্মৰ কথা মাধৱক অৱগত কৰে৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে তেওঁ শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হয় আৰু পৰিশেষত শংকৰদেৱক গুৰু মানি তেওঁৰ অভয় চৰণত শৰণ লয়৷ এই মিলনক 'গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ' বুলি অভিহিত কৰা হয়৷মাধৱদেৱে সকলো ক্ষেত্ৰতে, সকলো সময়তে গুৰুৰ পদাংক অনুসৰণ কৰিছিল, ছাঁৰ দৰে গুৰু সেৱাত মনোনিৱেশ কৰিছিল৷ ১৫৬৮ খ্ৰীঃত মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ অৰ্পণ কৰে৷ গুৰু আজ্ঞা কান্ধ পাতি লৈ ধৰ্মবস্তু প্ৰসাৰৰ উদ্দেশ্যে  বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত 'বৰপেটা সত্ৰ' স্থাপন কৰে৷ শংকৰ গুৰুজনাৰ দৰে মাধৱদেৱেও বিভিন্ন সময়ত জনৰোষ আৰু ৰাজৰোষৰ বলি হৈছিল, সুখে-সন্তোষে ধৰ্ম প্ৰচাৰত ব্ৰতী হ'ব পৰা নাছিল৷ সেইবাবেই তেওঁ জীৱনৰ শেষৰফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ আশ্ৰয়ত কোচবিহাৰলৈ যায় আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাতেই ১৫৯৬ খ্ৰীঃত ইহলীলা সম্বৰণ কৰে৷গুৰুজনাক আদৰ্শ হিচাপে লৈ মাধৱদেৱেও নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ বাবে  বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ গৈছে৷ আলোচনাৰ সুবিধাৰ্থে তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি
  • আখ্যানমূলকঃ ৰামায়ণৰ আদিকাণ্ড, ৰাজসূয় কাব্য৷ 
  • তত্ত্বমূলক ৰচনাঃ জন্ম ৰহস্য, নামঘোষা, নামমালিকা, ভক্তি ৰত্নাৱলী৷
  • নাটঃ চোৰধৰা, পিপৰা গুচোৱা বা পিম্পৰা গুচোৱা, দধিমথন, ভূমি লেটোৱা, ভোজনবিহাৰ, ভূষণ-হৰণ বা ব্ৰহ্মামোহন৷ 
  • গীতঃ বৰগীত, ভটিমা৷
  • আখ্যানমূলক ৰচনাঃ মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক ৰচনা দুখন৷ ইয়াৰে প্ৰথমখন এখন অনুবাদমূলক ৰচনা৷ প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰা কাণ্ডটো বিচাৰি নোপোৱা হেতু শংকৰদেৱৰ নিৰ্দেশ অনুসৰি মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ডটো অনুবাদ কৰে৷ উল্লেখযোগ্য যে মাধৱদেৱৰ  এই অনুবাদটি সৰ্ম্পূণৰূপে  বাল্মীকি ৰামায়ণৰ আদিকাণ্ডৰ আধাৰত ৰচিত হোৱা নাই, কাৰণ ইয়াত মাধৱদেৱে নিজস্ব ধৰণে ৰাম কথা সংযোগ কৰিছে৷ কবিজনাই নিজস্ব মৌলিক প্ৰতিভাৰ প্ৰমাণ দি  তদানীন্তন সমাজত মৌখিক পৰম্পৰাত প্ৰচলিত ৰামকথাৰ আধাৰত এই কাণ্ডটি নতুন ধৰণে সজাইছে৷ এই সন্দৰ্ভত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘আদিকাণ্ডৰ বহুখিনি কথা আৰু বৰ্ণনা কৃত্তিবাসী ৰামায়ণৰ লগত মিলে, বাল্মীকিত এইবোৰ কথা নাই৷ সম্ভৱতঃ বাণ্ডুকাত থাকোতে কৃত্তিবাসী ৰামায়ণৰ লগত মাধৱদেৱৰ পৰিচয় ঘটিছিল, তাৰ প্ৰভাৱ তেওঁৰ আদিকাণ্ডত লক্ষ্য কৰা যায়৷’’ মাধৱদেৱৰ 'ৰাজসূয় কাব্য' হ'ল দ্বিতীয়খন আখ্যানমূলক ৰচনা৷ তেওঁৰ কবিত্বৰ উজ্বল নিদৰ্শনস্বৰূপ এইখন কাব্যৰ বিষয়বস্তু শ্ৰীমদ্ভাগৱত পুৰাণৰ অন্তৰ্গত দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ পৰা আহৃত৷ ইয়াৰ উপৰি কাব্যখন অধিক মনোগ্ৰাহী কৰি তুলিবলৈ কবিবৰে মাজে মাজে মহাভাৰতৰ সভাপৰ্বৰ বিষয়বস্তুও সংযোজন কৰিছে৷  মাধৱদেৱৰ সূক্ষ্ম আৰু ৰসাল বৰ্ণনা ৰীতিৰ নিদৰ্শন বহন কৰিছে এইখন কাব্যই৷ ইয়াৰ উদাহৰণ হিচাপে আমি কাব্যখনত সন্নিবিষ্ট  'শ্ৰীকৃষ্ণ সমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যাত্ৰাৰ বৰ্ণনা', 'ভীম-জৰাসন্ধৰ থৈয়া-নথৈয়া যুদ্ধ', 'পাণ্ডৱৰ যজ্ঞশালাত শিশুপালৰ গৰ্ববাক্য' আদি বৰ্ণনালৈ আঙুলিয়াব পাৰোঁ৷ বিভিন্ন চিত্তচমৎকাৰী আৰু বীৰত্বব্যঞ্জক বৰ্ণনাই কাব্যখনত স্থান লভিছে যদিও কবিৰ মূল আদৰ্শ ভক্তি ৰসৰ প্ৰকাশ আন্তঃসলিলা ফল্গুৰ দৰে গোটেই কাব্যখনতে বিৰাজমান৷

  • তত্ত্বমূলক ৰচনাঃ মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনা চাৰিখিন৷ তাৰে এখন হ'ল 'জন্মৰহস্য' ৷ চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ অনুৰোধত মাধৱদেৱৰ ৰচনা কৰা এই সৰু গ্ৰন্থখনত সৃষ্টি আৰু প্ৰলয়ৰ বৰ্ণনাৰে হৰি শ্ৰেষ্ঠত্ব ঘোষণা কৰা হৈছে৷ মাধৱদেৱৰ তত্ত্বপূৰ্ণ ৰচনাৰ ভিতৰত 'ভক্তি ৰত্নাৱলী'খনৰ স্থান ভক্ত সমাজত অতি ওপৰত৷ আনকি নৱ-বৈষ্ণৱ পৰম্পৰাৰ চাৰি পুথিৰ ভিতৰত ভক্তি ৰত্নাৱলীও এখন৷ মূল সংস্কৃত 'ভক্তি ৰত্নাৱলী'খন ৰচনা কৰিছিল বিষুপুৰী সন্ন্যাসীয়ে৷ এইগৰাকী পণ্ডিতেই ভক্তি ৰত্নাৱলীৰ 'কান্তিমালা' নামৰ এখন টীকাও ৰচনা কৰিছিল৷ এই দুখন গ্ৰন্থৰ আধাৰত মহপুৰুষ মাধৱদেৱে 'পদবন্ধে' ভক্তি ৰত্নাৱলীখন অনুবাদ কৰে৷ নৱবিধাভক্তি আৰু সৎসংগৰ মাহাত্ম্য বৰ্ণনা কৰা এই পুথিখন নান্দনিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ নহয় যদিও তাত্ত্বিক দিশৰ পৰা অসমীয়া বৈষ্ণৱ পৰম্পৰাত বিশেষ তাৎপৰ্য বহন কৰিছে৷মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হিচাপে পৰিচিত পুথিখন হ'ল 'নামঘোষা'৷ নামঘোষা প্ৰায় এহেজাৰ পদৰ সমষ্টি আৰু সেইবাবে এই গ্ৰন্থৰ আন এটা  নাম 'হেজাৰী ঘোষা'৷ এই গ্ৰন্থখনৰ প্ৰায় ছশমান পদ বিভিন্ন সংস্কৃত শ্লোকৰ অনুবাদ আৰু বাকী চাৰিশ মাধৱদেৱৰ স্বকীয় সৃষ্টি৷ উল্লেখ্য যে বিভিন্ন পুৰাণৰ পৰা অনূদিত বিষয়খিনি  তেওঁ এনেদৰে আত্মভূত কৰি পেলাইছিল যে তাত অনুবাদৰ ক্লিষ্টতা মুঠেই অনুভৱ কৰা নাযায়৷ আনহাতে মাধৱদেৱ আছিল এগৰাকী সুপণ্ডিত, সুগায়ক আৰু সুকবি৷ এই তিনিওটা গুণৰ সমাৱেশ ঘটিছে তেওঁৰ আধ্যাত্মিক জীৱনৰ ছন্দোময় প্ৰকাশ নামঘোষাত৷ নামঘোষাখন মাধৱদেৱৰ 'মহাপ্ৰস্থানিক গীত' হিচাপেও বাণীকান্ত কাকতিয়ে আখ্যা দিছে৷ জীৱনৰ শেহৰ ফালে কোচবিহাৰত থকা সময়ছোৱাতে প্ৰণয়ন কৰা নামঘোষাখনত বাণীকান্ত কাকতিয়ে তিনিটা ভাবৰ ধাৰা মিহলি হৈ আছে বুলি কৈছে, যথা (ক) পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি (খ) মাধৱদেৱৰ আত্মলঘিমা আৰু (গ) কৃষ্ণ ভক্তি মাহাত্ম্য৷ অৱশ্যে এই ত্ৰিধাৰাৰো মূল উৎস এটাইসেইটো হৈছে মাধৱদেৱৰ ৰসময়ী ভক্তিৰ গভীৰ আবেগ৷সত্যেন্দ্ৰনাথ শৰ্মাই বিষয়বস্তু অনুসৰি নামঘোষাখনক তিনিটা খণ্ডত ভাগ কৰিছে৷  সেই কেইটা হ'ল প্ৰথম খণ্ডত নামধৰ্মৰ বৈশিষ্ট্যপূৰ্ণ মতবাদ প্ৰতিষ্ঠা, শৰণ ছন্দ নামৰ দ্বিতীয় খণ্ডত লেখকৰ ঐকান্তিক আৰু আত্মবিলুপ্ত হোৱা ভক্তিভাৱৰ কবিত্বময় প্ৰকাশ আৰু তৃতীয় খণ্ডত বিষু-নাৰায়ণৰ নাম, গুণ আৰু মাহাত্ম্য শৃঙ্খলাবদ্ধভাৱে কীৰ্তনৰ সুবিধাৰ বাবে দিয়া হৈছে৷ নামঘোষাৰ দাৰ্শনিক ভিত্তি বেদান্ত দৰ্শন৷ এই কাব্যখনত 'মুক্তিতো নিস্পৃহ যিটো, সেহি ভকতকো নমো' বুলি কৈ মাধৱদেৱে ৰসময়ী ভক্তিৰ ৰস প্ৰবাহত আত্মনিমজ্জন কৰি থাকিব বিচৰা ভকতৰ প্ৰতি নমস্কাৰ জনাইছে৷ আৰু তেওঁ কামনা কৰিছে ভগৱন্ত কৃষ্ণৰ চৰণ প্ৰান্তত আত্মবিসৰ্জন দি ৰসসিক্ত ভক্তিহে৷ মাধৱদেৱে ৰচনা কৰা চতুৰ্থখন তত্ত্বমূলক ৰচনা হ'ল 'নাম-মালিকা'৷ মূলতঃ নামৰ মহিমা আৰু নামলোৱাৰ ফললাভ বৰ্ণনা কৰা এই পুথিখন লক্ষ্মীনাৰায়ণ ৰজাৰ পাত্ৰ বিৰূকাজীৰ অনুৰোধ মতে কৰা এখন অনুবাদ গ্ৰন্থ৷ কোচবিহাৰত থকা কালছোৱাতে মাধৱদেৱে পুৰুষোত্তম গজপতিৰ 'নাম-মালিকা' নামৰ গ্ৰন্থখন সৰল আৰু সৰসভাৱে একে নামেৰে অসমীয়ালৈ অনুবাদ কৰে৷

  •   নাটঃ মাধৱদেৱে তেওঁৰ গুৰু শঙ্কৰদেৱক অনুসৰণ কৰি  ছখন নাট ৰচনা কৰিছিল— অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন ব্যৱহাৰ আৰু ভূষণ হৰণ (ব্ৰহ্মামোহন?)৷ ইয়াৰে প্ৰথম পাঁচখন নাট যে মাধৱদেৱৰ সৃষ্টি তাত সন্দেহ নাই; কিন্তু শেহৰ নাটখন সম্পৰ্কে নানা পণ্ডিতৰ নানা মত৷ কোনো কোনোৰ মতে ভূষণ হৰণ মাধৱদেৱৰ ৰচনা নহয়, ব্ৰহ্মামোহনহে মাধৱদেৱৰ নাট৷মাধৱদেৱৰ গুৰুজনাক অনুসৰণ কৰি নাট ৰচনাত প্ৰবৃত্ত হৈছিল যদিও নিজস্ব স্বকীয়তাৰ পৰিচয় দাঙি ধৰি 'ঝুমুৰা' নামেৰে এক নৱ-নাট্য ধাৰাৰ আৰম্ভ কৰে৷ মাধৱদেৱে ৰচনা কৰা অৰ্জুনভঞ্জন বা দধিমথনখনহে নাট বুলি কোৱাৰ বিপৰীতে বাকীখিনিক ঝুমুৰা নামেৰেহে জনা যায়৷ বাল-কৃষ্ণৰ লীলা-খেলা, ভেম-অভিমান, চৌৰ-চাতুৰি চৰ্চৗযক্রিয়াদিৰ মনোৰম বৰ্ণনাৰে মাধৱদেৱৰ নাট কেইখন সিক্ত৷ অৰ্জুনভঞ্জনৰ বাহিৰে বাকী কেইখনত পৰিপূৰ্ণ ঘটনাৰ চিত্ৰণৰ বিপৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিস্থিতি বিশেষৰহে বৰ্ণনা চিত্ৰিত হৈছে৷ বাৎসল্যভাৱৰ সুন্দৰ প্ৰকাশ আৰু লঘু কৌতুকপ্ৰদ পৰিস্থিতি বৰ্ণনা কৰি মাধৱদেৱে তেওঁৰ নাট কেইখন সজীৱ আৰু জনপ্ৰিয় কৰি তুলিছে৷

  • গীতঃ  শঙ্কৰদেৱে ৰচনা কৰা বৰগীতসমূহৰ অধিকাংশই বনপোৰা জুয়ে পোৰাত তেওঁ মনৰ দুখত গীত ৰচনা নকৰোঁ বুলি কৈ মাধৱদেৱক গীত ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে৷ গুৰু আজ্ঞা শিৰপাতি লৈ মাধৱদেৱে সৰ্বমুঠ ১৫৭ টা গীত ৰচনা কৰে৷ দাস্য আৰু বাৎসল্য দুয়োটা ভাববিশিষ্ট গীত তেওঁ ৰচনা কৰিছে; যদিও মূলতঃ বাৎসল্য ভাব প্ৰধান গীতহে বেছি৷ এই গীতসমূহত মাধৱদেৱৰ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ ঘটিছে৷ বাল-গোপালৰ লীলা-খেলা আৰু চৌৰ-চাতুৰীৰ-বৰ্ণনাৰে মাধৱদেৱৰ বৰগীতসমূহ ঋদ্ধ হৈ উঠিছে৷ মাধৱদেৱৰ বৰগীত সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই কোৱা এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘গীতবোৰত (বৰগীতবোৰত) শিশু চৰিত্ৰৰ অভিব্যক্ত, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবি প্ৰাণৰ উচ্ছাস আৰু হৃদয়ানুভূতি অতি সাৰ্থকভাৱে প্ৰকাশ পাইছে৷ এই ফালৰ পৰা মাধৱদেৱৰ এই বৰগীতবোৰ মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ সুৰদাসৰ গীতসমূহৰ লগত ৰিজাব পাৰি৷’’ ইতিমধ্যে শংকৰদেৱৰ গীত সম্পৰ্কে কৰা আলোচনাত আমি উল্লেখ কৰিছোঁ যে শংকৰদেৱে তিনিবিধৰ ভটিমা ৰচনা কৰিছিল আৰু তাৰ লগতে মাধৱদেৱে আন এটি শ্ৰেণীৰ ভটিমা যোগ দিয়ে৷ এই শ্ৰেণীটোৰ নামেই 'গুৰু ভটিমা'৷ মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ স্তুতি কৰিছে এই শ্ৰেণীৰ ভটিমাত৷

২.৪.৩ অনন্ত কন্দলি

অসমীয়ালৈ ভাগৱত অনুবাদ কৰা অনন্ত কন্দলিৰ জন্ম হৈছিল হাজোত, মাধৱ মন্দিৰৰ ওচৰত৷ শঙ্কৰদেৱৰ সমসাময়িক কিন্তু বয়সত কনিষ্ঠ এইজনা কবিৰ পিতৃৰ নাম ৰত্ন পাঠক, তেওঁ হাজোৰ মাধৱ দেৱালয়ৰ পাঠক আছিল৷ অনন্ত কন্দলিয়ে তেওঁৰ ষষ্ঠ আৰু দশম স্কন্ধ (মধ্য আৰু শেষ দশম) ভাগৱতৰ অনুবাদৰ প্ৰসংগত নিজৰ আত্মপৰিচয় দিছে এনেদৰে
ৰতন পাঠক নামে পণ্ডিত পৰম৷
ভাগৱত শাস্ত্ৰে যাৰ আছিল বিক্রম৷৷
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি৷
ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰভাৰতী৷৷
তৰ্কত লভিলা নাম অনন্ত কন্দলি৷
ভাগৱত আচাৰ্য পদবী ভৈলা বলী৷৷
ভাগৱত ভট্টাচাৰ্য বোলে আৰ্যজন৷
তেহো বিৰচিলা পদ কৃষ্ণৰ চৰণে৷৷
এইজনা কবিৰ সময়সীমা সম্পৰ্কেও কিছু বিৰ্তক আছে যদিও খ্ৰীঃ ষোড়শ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকৰ ভিতৰত জন্ম লাভ কৰি এই শতিকাৰ শেষভাগলৈ তেওঁ জীয়াই আছিল; অৰ্থাৎ খ্ৰীঃ ১৫২০-১৫৩০ চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছিল বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মত পোষণ কৰে৷অনন্ত কন্দলি সম্ভৱতঃ পাটবাউসী অঞ্চলত শঙ্কৰদেৱৰ সান্নিধ্যলৈ আহিছিল আৰু তেৰাৰ শৰণ লৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে৷ শঙ্কৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ, তেৰাৰ উপদেশ মতেই দশম স্কন্ধ ভাগৱতৰ উত্তৰাৰ্ধৰ পদ-ভাঙনি কৰে৷ ভাগৱতখন অনুবাদ কৰাৰ উপৰি অনন্ত কন্দলিয়ে বিবিধ সাহিত্য ৰচনা কৰিছিল৷ বিষয়বস্তু অনুসৰি তেওঁৰ গ্ৰন্থসমূহ তলত দিয়া ধৰণে ভাগ কৰি দেখুৱাব পাৰি—
  • কাব্যঃ কুমৰ হৰণ কাব্য, বৃত্ৰাসুৰ বধ৷
  • ধৰ্মতত্ত্ব সম্পৰ্কীয়ঃ জীৱতুতি, বৈষ্ণৱামৃত৷
  • অনুবাদঃ দশম (মধ্য আৰু অন্ত্য), ৰামায়ণৰ অযোধ্যাকাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰাকাণ্ড আৰু লংকাকাণ্ড৷
  • স্মৃতি শাস্ত্ৰ সম্পাদনঃ নীতিৰত্ন আৰু কল্পদ্ৰুম৷

  • কাব্যঃ অনন্ত কন্দলিৰ কাব্য-কৃতিৰ প্ৰথম নিদৰ্শন ‘কুমৰ হৰণ কাব্য’৷ শ্ৰীচন্দ্ৰভাৰতী নামেৰে ভণিতা পেলাই ৰচনা কৰা এইখন কাব্যৰ বিষয়বস্তু চয়ন কৰিছে 'ভাগৱত পুৰাণ' আৰু 'হৰিবংশ'ৰ পৰা৷ অৱশ্যে 'বিষু পুৰাণ'তো কুমৰ হৰণৰ কথাবস্তু বৰ্ণিত হৈছে৷ মূলৰ পৰা বিষয়বস্তু গ্ৰহণ কৰি কবিয়ে স্বকীয়ভাৱে উদ্ভাৱন কৰা কিছু মৌলিক উপাদানো সংযোজন কৰিছে, উদাহৰণস্বৰূপে— কুঁজীবুঢ়ী আৰু তেওঁৰ কাৰ্যাৱলী, গণক, নাপিত আদি চৰিত্ৰ সৃষ্টি, ইত্যাদি৷ কাব্যখনত ঊষা-অনিৰুদ্ধৰ বিবাহ আৰু হৰি-হৰৰ যুদ্ধৰ বৰ্ণনা সন্নিৱিষ্ট হৈছে৷ এই কাব্যখনৰ প্ৰথমছোৱাত আদি ৰস আৰু শেষৰছোৱাত বীৰ ৰসে প্ৰাধান্য লভিছে৷ অৱশ্যে কবিয়ে মাজে মাজে হাস্যৰস সৃষ্টিৰ বাবেও কিছু নব্য চিত্ৰ সংযোগ কৰিছে৷ কাব্যখনৰ বিষয়বস্তু বিন্যাস তথা উপস্থাপন, চৰিত্ৰ সৃষ্টি, পৰিৱেশ ৰচনা আদিত কবি চন্দ্ৰভাৰতীয়ে মৌলিকতাৰ পৰিচয় দিব পাৰিছে৷ চন্দ্ৰভাৰতীয়ে তেওঁৰ এইখন কাব্যত শৃংগাৰ ৰস সৃষ্টিত অধিক গুৰুত্ব দিয়া যেন লাগে যদিও কাব্যখনৰ শেষলৈ সেয়া পৰিমাৰ্জিত ভক্তি ৰসলৈ উত্তৰিত হৈছে৷ কবি এই ক্ষেত্ৰত সফল হৈছে বুলিয়েই ক'ব পাৰি৷ অনন্ত কন্দলিয়ে ৰচনা কৰা দ্বিতীয়খন কাব্যপুথি হ'ল 'বৃত্ৰাসুৰ বধ'৷ এইখন কাব্যটো কবি অনন্ত কন্দলিয়ে 'চন্দ্ৰভাৰতী' নামেৰে ভণিতা পেলাইছে৷ ভাগৱত-পুৰাণৰ অন্তৰ্গত ষষ্ঠ স্কন্ধৰ (অজামিল উপাখ্যান বাহিৰে) পৰা আহৰণ কৰা বিষয়বস্তুৰ আধাৰত লিখা এইখন কাব্যত কবিয়ে কথাবস্তু নিৰ্মাণত মূলৰ পৰা বৰ বিশেষ আঁতৰি অহা নাই৷ অৱশ্যে দুই এঠাইত আমাৰ কবিয়ে স্থানীয় ৰহণ সানিছে৷ ইন্দ্ৰই বৃত্ৰাসুৰ বধৰ বাবে দধীচি মুনিৰ অস্থিৰে বজ্ৰ নিৰ্মাণ কৰা আৰু সেই অস্ত্ৰৰে বৃত্ৰাসুৰ বধ কৰাৰ কাহিনীভাগ প্ৰাঞ্জল আৰু সৰসভাৱে বৰ্ণনা কৰা হৈছে এইখনি কাব্যত৷ পয়াৰ ছন্দত ৰচিত এইখন কাব্যত কবিয়ে অৱশ্যে বিষু-নাম অৰ্থাৎ কৃষ্ণ-নামৰ মাহাত্ম্য বৰ্ণন কৰিবলৈ পাহৰা নাই৷

  • ধৰ্মতত্ত্ব সম্পৰ্কীয় গ্ৰন্থঃ  অনন্ত কন্দলিৰ ভণিতা থকা ধৰ্মতত্ত্ব সম্পৰ্কীয় দুখন পুথি পোৱা যায়৷ সেই কেইখন হ'ল 'জীৱতুতি' আৰু 'বৈষ্ণৱামৃত'৷ এই দুখন সৰু পুথিত মূলতঃ ধৰ্ম আৰু দৰ্শন সম্পৰ্কীয় সমস্যা আৰু তাৰ সমাধান বিষয়ক আলোচনাই স্থান পাইছে৷

  • অনুবাদঃ অনন্ত কন্দলিয়ে কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছে৷ তাৰে ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল ভাগৱত পুৰাণৰ মধ্য দশম আৰু অন্ত্য দশম৷ শঙ্কৰদেৱে ভাগৱত-পুৰাণৰ অন্তৰ্গত দশমস্কন্ধৰ প্ৰথম অধ্যায়ৰ পৰা ৪৯তম অধ্যায়লৈ অনুবাদ কৰে৷ নানা কাৰণবশতঃ তেওঁ গোটেইখন দশমৰ অনুবাদ সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ সেয়ে তেওঁ দশমৰ বাকী অধ্যায় কেইটা (৫০তমৰ পৰা ৮১তমলৈ মধ্য দশম আৰু ৮২তমৰ পৰা ৯০তমলৈ অন্ত্য দশম বুলি কোৱা হয়৷) অনুবাদ কৰাৰ দায়িত্ব দিয়ে শ্ৰীচন্দ্ৰভাৰতী ওৰফে অনন্ত  কন্দলিক৷ উল্লেখযোগ্য যে শংকৰদেৱেও অন্ত্য দশমৰ কেইটিমান অধ্যায় অনুবাদ কৰিছিল৷ ভাগৱতৰ অনুবাদৰ প্ৰসঙ্গতে তেওঁ 'ভাগৱত ভট্টাচাৰ্য' আৰু 'ভাগৱতাচাৰ্য' উপাধি দুটি ভাগৱত-প্ৰেমী বিদ্বৎমণ্ডলীৰ পৰা লাভ কৰে৷ অনন্ত কন্দলিয়ে ভাগৱত অনুবাদৰ ক্ষেত্ৰত শ্ৰীধৰ স্বামীৰ টীকা ভাগৱৎ-ভাবাৰ্থ দীপিকাৰ সহায় গ্ৰহণ কৰিছে৷ পৰিৱেশ ৰচনাত তেওঁ অসমৰ লোকজীৱনৰ পৰা সমল গ্ৰহণ কৰিছে আৰু বহুক্ষেত্ৰত শংকৰদেৱৰ ৰচনাৰদ্বাৰা বিশেষভাৱে প্ৰভাৱাতি হৈছে৷ কন্দলিৰ অনুবাদ ৰসাল, মঞ্জুল আৰু আকৰ্ষণীয়৷ অনুবাদ বিষয়ত কবিবৰে মহাপুৰুষজনাৰ ৰীতিকে অনুসৰণ কৰিছে আৰু যুদ্ধৰ বৰ্ণনাত অধিক গুৰুত্ব দিছে৷ এই সম্পৰ্কে শংকৰ গুৰুৱে বোলে কৈছিল— ‘‘বামুণী পো হই টোকৰ মাইলা, বেল শিৰত নপৈল, ভক্তিপৰ হ'ল ৰস্ব (হ্ৰস্ব), যুদ্ধৰ কৈলা দীৰ্ঘ৷’’ এই পুথিখনৰ আটাইতকৈ আকৰ্ষণীয় অংশ বুলি মহেশ্বৰ নেওগে মন্তব্য কৰে ৮৭শ অধ্যায়ৰ 'বেদৰ দ্বাৰা নাৰায়ণ-স্তুতি'ৰ অনুবাদ অংশটি৷অনন্ত কন্দলিয়ে অনুবাদ কৰা আন এখন গ্ৰন্থ হ'ল মহাকাব্য 'ৰামায়ণ'৷ এই ৰামায়ণখনৰো মাজৰ পাঁচটা কাণ্ডহে পোৱা যায়৷ পূৰ্বতে মাধৱ কন্দলিৰ দ্বাৰা অনূদিত এখন ৰামায়ণ থকা সত্বেও অনন্ত কন্দলিয়ে আকৌ কিয় ৰামায়ণ অনুবাদ কৰিলেসেই বিষয়ে তেওঁ কৈছে—
মাধৱ কন্দলি বিৰচিলা ৰামায়ণ৷
তাক শুনি আমাৰ কৌতুক কৰে মন৷৷
ৰামৰ সামান্য সন্ত কথা যথাৱত৷
ভজনীয় গুণ যত নভৈল বেকত৷৷
এতেকে যতন কৰো ভকতিৰ পদে৷
নুবুলিবা নিন্দা সদা শুনা সভাসদে৷৷
সাক্ষাতে পৰম ব্ৰহ্ম জানিবা শ্ৰীৰাম৷
আন চিন্তা তেজি তান ধৰা গুণ নাম৷৷

এই কাব্যাংশৰ পৰাই অনুধাৱন কৰিব পৰা যায় যে অনন্ত কন্দলিয়ে তেওঁৰ এই অনুবাদটিত বাল্মীকিৰ ৰামায়ণৰ লগতে ভাগৱতৰ সমল সংযোজন কৰি ৰামচন্দ্ৰক পৰম ভজনীয় ব্ৰহ্ম স্বৰূপে অংকন কৰিছে৷ সেইবাবেই অনন্ত কন্দলিৰ ৰামায়ণক মাধৱ কন্দলিৰ ৰামায়ণৰ ভাগৱত বা বৈষ্ণৱ সংস্কৰণ বুলি আখ্যা দিয়ে৷ এটা কথা ঠিক যে অনন্ত কন্দলিৰ অনুবাদ সাৱলীল আৰু স্পষ্ট আৰু এই ফালৰ পৰা তেওঁ অনুবাদক হিচাপে সফল৷

  • স্মৃতি শাস্ত্ৰ সম্পাদনঃ এই ধৰণৰ বিবিধ কাব্যৰ উপৰি অনন্ত কন্দলিয়ে দুখন স্মৃতি শাস্ত্ৰ সংকলন কৰিছিল৷ সেই দুখন স্মৃতিশাস্ত্ৰৰ হ'ল 'নীতিৰত্ন' আৰু 'কল্পদ্ৰুম'৷ উল্লেখ্য যে এওঁ আছিল সংস্কৃত ধৰ্মশাস্ত্ৰত সুপণ্ডিত৷ কামৰূপীয় স্মৃতি বা ধৰ্মশাস্ত্ৰৰ চিন্তা-চৰ্চাত এই গ্ৰন্থ দুখনৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি৷


২. ৪. ৫ কংসাৰি কবি, সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলি আৰু অন্যান্য
 
ৰাম সৰস্বতীৰ সমসাময়িক কংসাৰি কবি সম্পৰ্কে বৰ বিশেষ সমল পোৱা নাযায়৷ তেওঁৰ ৰচনাৰাজিৰ আধাৰত সাহিত্যৰ বুৰঞ্জীকাৰসকলে তেওঁক কামৰূপৰ ব্যক্তি বুলি চিহ্নিত কৰিছে আৰু তেওঁ গোপালৰ সেৱক যশচন্দ্ৰ খাঁৰ বংশৰ লোক আছিল৷ শ্ৰীমন্ত গাভৰু খাঁৰ আজ্ঞা মতে কংসাৰি কবিয়ে মহাভাৰতৰ পদ ৰচনাত হাত দিছিল৷ ৰাম সৰস্বতীয়ে মহাভাৰত অনুবাদ কৰোঁতে তেওঁক সহায় কৰিছিল এইজনা কবিয়ে৷ কবি ৰাম সৰস্বতীয়ে এই বিষয়ে এনেদৰে উল্লেখ কৰিছে
ৰাম সৰস্বতী নাম নৃপতি দিলন্ত৷
ভাৰতৰ পদ কৰা মোক বুলিলন্ত৷৷
কংসাৰি প্ৰমুখ্যে কবি আছে যত যত৷
সিসবেয়ো পদচয় কৰিলা পাচত৷৷ (খটাসুৰ বধ)
ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কংসাৰি কবিয়েও নৰনাৰায়ণৰ দৰে ৰজাৰ ৰাজপৃষ্ঠপোষকতা পাই মহাভাৰতৰ পদ ভঙাত আত্মনিয়োগ কৰিছিল৷
অসম তথা ৰংপুৰত প্ৰাপ্ত তথ্য অনুযায়ী এইগৰাকী কবিয়ে মহাভাৰতৰ বনপৰ্বৰ অন্তৰ্গত কিৰাত অনুপৰ্ব, তথা বিৰাট পৰ্বৰ অন্তৰ্গত উত্তৰ গোগ্ৰাহ আৰু দক্ষিণ গোগ্ৰাহৰ পদ ভাঙিছিল৷ কিৰাত অনুপৰ্বৰ অন্তৰ্গত বিষয়সমূহ হ'ল— ইন্দ্ৰৰ অধীনত স্বৰ্গত অৰ্জুনৰ অস্ত্ৰ-বিদ্যা লাভ, অৰ্জুনৰ দ্বাৰা নিবাত, কবচ, কালকেয়ী, পুলোমা আদি দৈত্য বধ, কিৰাতবেশী শিৱক পৰাজিত কৰি পাশুপাত অস্ত্ৰ লাভ ইত্যাদি৷ কবিৰ ভাষা অনাড়ম্বৰ যদিও জনমনোৰঞ্জক৷ কবিৰ ৰচনাত বৈষ্ণৱীয় চিন্তাচৰ্চাৰ প্ৰকাশ স্পষ্ট৷ যেনে—
শ্ৰীজয়ৰ্নমো কৃষ্ণদেৱ জনাৰ্দন৷
ভকত জনৰ প্ৰভু দুৰ্গতি তাৰণ৷৷
সহস্ৰেক বাৰেহো কৰো নমস্কাৰ৷
দিয়োক সুমতি প্ৰভু কৰিবো পয়াৰ৷৷
ভাৰত কাহিনী যিটো শুনে প্ৰতি নিত৷
যমে বোলে দূত তাৰ নাযাইবি সমীপে৷৷
ইয়াৰ উপৰি কংসাৰি কবিয়ে বিৰাটপৰ্বৰ অন্তৰ্গত উত্তৰ গো-গ্ৰাহ আৰু দক্ষিণ গো-গ্ৰাহ খণ্ডৰ ভাঙনিৰ যোগেদি নিজৰ প্ৰতিভাৰ প্ৰমাণ দি গৈছে৷ এই ৰচনা দুটি বেছ কবিত্বব্যঞ্জক৷ দক্ষিণ গোগ্ৰাহৰ বিষয়বস্তু হৈছে কৌৰৱৰ দ্বাৰা বিৰাট ৰজাৰ ৰাজ্য আক্রমণ আৰু গো-হৰণৰ প্ৰচেষ্টা; আৰু উত্তৰ গোগ্ৰাহত অৰ্জুনৰ দ্বাৰা যুদ্ধত কৌৰৱকুলক পৰাস্ত আৰু গো-উদ্ধাৰৰ ঘটনাংশ সন্নিৱিষ্ট হৈছে৷ কবিয়ে ঘটনাবস্তুৰ সাৱলীল বৰ্ণনা আগবঢ়োৱাৰ উপৰি যুদ্ধৰ বৰ্ণনা তেজোদ্দীপ্ত ভাষাৰে বৰ্ণনা কৰিছে৷ যেনে—
কম্পিলা পৃথিৱীখন পাতাল পৰ্যন্তে৷
ডৰে জীৱজন্তু বোলে মিলিল যুগান্তে৷৷
বানৰধজগোট তেজিলা আটাস৷
শৱদে পুৰিলা মহী গগন আকাশ৷৷
বীৰগণে কানাকানি কৰে জুমাজুমি৷
মহাৰথীগণসৱে কৰে মুণ্ডঘুসি৷৷
ৰক্তঘোৰ সম শুনি ধনুৰ টংকাৰ৷
মহাভয় লাগি গৈলা কৌৰৱী সেনাৰ৷৷
এই উদাহৰণটিৰ পৰাই আমি ধাৰণা কৰিব পাৰোঁ যে কবি লোকভাষা, লোকশব্দ আদি প্ৰয়োগত বিশেষ প্ৰতিভাধৰ আছিল আৰু জনচিত্ত বিনোদনৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছিল৷ সেয়ে ক'ব পাৰি মহাভাৰতৰ পদ ভাঙনিত অন্যান্য কবিকুলৰ লগতে কংসাৰি এজন লেখৰ কবি তথা সামাজিকভাৱে দায়বদ্ধ ৰসিক স্ৰষ্টা আছিল৷
গুৰু-চৰিত-কথাত উল্লেখ থকা মতে সাৰ্বভৌম ভট্টাচাৰ্য শঙ্কৰদেৱৰ সমসাময়িক আৰু তেওঁৰ শিষ্য আছিল৷ পিছে অন্যান্য চৰিত পুথিত (দৈতাৰি ঠাকুৰ, ভূষণ দ্বিজ, অনিৰুদ্ধ কায়স্থ ৰচিত) কবিগৰাকীৰ বিশেষ উল্লেখ নাই৷ অৱশ্যে এইজনা কবিয়ে 'ক্ষুদ্ৰ স্বৰ্গ খণ্ড'ত নিজ পৰিচয় দাঙি ধৰিছে এনেদৰে—
সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ৷
দেৱী উপাসক আছিলোহো দুৰাচাৰ৷৷
......................................
শঙ্কৰৰ সঙ্গে বাহু বাদক কৰিলো৷
বাদে ভঙ্গ হুয়া শাস্ত্ৰ পঢ়িবাক গৈলো৷৷
কাশী দেশে বিশ্বেশ্বৰ চক্রৱৰ্তী নাম৷
চাৰিবেদ পঢ়িলোহো তৈতে অনুপাম৷৷
এনেদৰে কবিয়ে শঙ্কৰদেৱৰ লগত বাদ কৰা, বাদত পৰাজিত হৈ কাশীলৈ শাস্ত্ৰাধ্যয়ন কৰিবলৈ যোৱা ইত্যাদি কথাৰো উল্লেখ তেওঁৰ পৰিচয়ত ব্যক্ত কৰি গৈছে৷ সেইবাবেই মহেশ্বৰ নেওগে তেওঁৰ অস্তিত্ব সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে৷
বৰ্তমানলৈকে এইজনা কবিয়ে ৰচনা কৰা দুখন পুথিৰ সম্ভেদ পোৱা গৈছে৷ যথা ক্ষুদ্ৰ স্বৰ্গখণ্ড আৰু বৰ স্বৰ্গখণ্ড৷ ক্ষুদ্ৰ স্বৰ্গখণ্ডৰ মূল পদ্মপুৰাণৰ স্বৰ্গখণ্ড যদিও মূলৰ লগত এই পুথিখনৰ বিশেষ সাদৃশ্য নাই৷ ২৯০টা পদত ৰচিত এই সৰু পুথিখন শঙ্কৰদেৱৰ বন্দনাৰে আৰম্ভ হৈছে আৰু এই কলিকালত নামধৰ্মই একমাত্ৰ সাৰ বুলি কৈ শঙ্কৰদেৱক সাক্ষাৎ ভগৱান অৱতাৰ বুলি দেখুৱাব বিচৰা হৈছে৷
এই খণ্ডপুথিখনত কবিয়ে পদ্মপুৰাণৰ স্বৰ্গখণ্ড, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, যোগিনীতন্ত্ৰ, সাস্বত তন্ত্ৰ, দীপিকাচন্দ্ৰ, স্বৰোদয়, বশিষ্ঠ-সংহিতা, অগস্তি সংহিতা, বিষু ধৰ্মোত্তৰ আদি গ্ৰন্থৰো উদ্ধৃতি দাঙি ধৰিছে৷আনহাতে কবিৰ দ্বিতীয়খন ৰচনা বৰ স্বৰ্গখণ্ড বা বৃহৎ স্বৰ্গখণ্ডৰ আধাৰ গ্ৰন্থ হ'ল ব্ৰহ্মবৈৱৰ্ত পুৰাণ৷ ৪৪৭টা পদত সম্পূৰ্ণ হোৱা পুথিখনত ব্ৰহ্মাণ্ডৰ সন্ত-আৱৰণৰ লগতে পৃথিৱীৰ ওপৰত থকা শান্তনু কনকদণ্ড, ব্ৰহ্ম বিলাস, অম্বৰু বিলাস, বিচিত্ৰ বিলাস, পঙ্কজ বিলাস আৰু গোলোক এই সপ্ত বৈকুণ্ঠৰ বৰ্ণনা কৰা হৈছে৷ গোলোক বৈকুণ্ঠ ধামত শ্ৰীমতী ৰাধাই শ্ৰীকৃষ্ণৰ অবিবাহিত প্ৰেমিকাৰ ৰূপত ধৰা দিয়াতো পুথিখনত মন কৰিবলগীয়া কথা৷ এইখন কাব্যতো কবিয়ে ঘোষণা কৰিবলৈ পাহৰা নাই যে, কলিযুগত শ্ৰীমন্তশঙ্কৰদেৱেই ভগৱান পূৰ্ণকৃষ্ণ অৱতাৰ৷ কবিৰ এই ঘোষণাই নিজকে বৈষ্ণৱ বুলি পৰিচয় দিয়াৰ লগতে পুথি দুখনকো বৈষ্ণৱ সাহিত্যৰূপে স্বীকৃতি প্ৰদান কৰিছে৷
 শ্ৰীধৰ কন্দলি শংকৰী যুগৰ আন এগৰাকী উল্লেখযোগ্য কবি৷ এওঁৰ সময়সীমা সম্পৰ্কে বিভিন্নজন পণ্ডিতৰ মাজত মতবিৰোধ আছে৷ এওঁৰ নামত 'কাণখোৱা' আৰু 'ঘুনুচা কীৰ্তন' নামৰ দুখন পুথি পোৱা যায়৷ ইয়াৰ উপৰি আৰু কেইবাখনো গ্ৰন্থৰ ৰচয়িতা হিচাপে এওঁক চিহ্নিত কৰিব বিচৰা হয় যদিও সকলো পণ্ডিতে সেয়া মানি ল'ব নোখোজে৷
বৈষ্ণৱ যুগত মৌলিক সাহিত্যৰ ভিতৰত এইজনা কবিয়ে ৰচনা কৰা কাণখোৱা অন্যতম৷ নিচুকনি গীতৰ আৰ্হিৰে ৰচনা কৰা এইখন কাব্য অতীজৰে পৰা অসমীয়া জনসমাজৰ অতিকে আপোন৷ কাণখোৱাৰ বিষয়বস্তু অনুসৰি এদিনাখন মাতৃ যশোদাই শিশু কৃষ্ণক শুৱাবলৈ গৈ নিচুকনিৰ ছলেৰে কাণখোৱাৰ কথা গাবলৈ ধৰিলে— ''ঘুমটি যায়োৰে /অৰে কানাই /হুৰে কাণখোৱা আসে /সকল শিশুৰ /কাণ খাই খাই/ আসয় তোমাৰ পাশে৷৷'' কাণখোৱাৰ কথা শুনি ভয়তে বিহ্বল হোৱা যেন দেখুৱাই শিশু কৃষ্ণই নিজৰ বিগত অৱতাৰবোৰৰ কথা স্মৰণ কৰি কানখোৱাৰ শুং-সূত্ৰ বিচাৰি নাপাই মাকক কাণখোৱাৰ বিষয়ে সুধি ব্যতিব্যস্ত কৰে৷ পুত্ৰ কৃষ্ণৰ কথাত কাণখোৱাৰ পৰিচয় দিব নোৱাৰি কিন্তু মাক যশোদাৰ মুখৰ মাত হেৰাল আৰু ‘‘মিছাসে বুলিয়া/মুখে তন দিলা/ কৃষ্ণক সাৱটি ধৰি৷’’ কাণখোৱা কবিতাৰ দ্বিতীয় অংশত বৰ্ণিত হৈছে মাতৃ যশোদাই গৰু চৰাবৰ কাৰণে শিশুকৃষ্ণক জগাবলৈ যোৱা প্ৰাণস্পৰ্শী বৰ্ণনা আছে৷ যশোদাই অমৃত মধুৰ মাতেৰে মাতিছে ''উঠিও কৃষ্ণাই/হাৰলি বোপাই/ৰোষ তাপ ত্যাজি মনে৷/পুহাইল ৰজনীউঠা যদুমণি/বুলি ডাকে শিশুগণে৷৷'' মাকে জগোৱাত কৃষ্ণ খঙত টিঙৰি তুলা হৈ ক'লে ‘‘মই নাৰায়ণ/জগত কাৰণ/তুমি গোৱালৰ ঝীৱ/তথাপি তোমাক/দেখন্তে ডৰত/উৰি যায় মোৰ জীৱ৷৷’’ আৰু যশোদাক বিভিন্ন কথা কৈ নিৰ্দয় বুলি অভিযোগ কৰে৷ তেতিয়া যশোদাই সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি ক'লে যে অভাগীৰ দোষ এইবাৰলৈ মৰিষণ কৰিব লাগে আৰু ইয়াৰ পাছৰ পৰা তেনে কৰিলে গালি পাৰিবা৷ শিশু কৃষ্ণই তেতিয়া ‘‘একেডেৱে গৈয়া /কোলাত চাড়িয়া/ পিবাক লাগিল স্তন৷’’
সহজ সৰল দুলড়ি ছন্দত কেৱল মাত্ৰ তিনি কুৰি আঠটা স্তৱকত ৰচিত 'কাণখোৱা' কাব্যৰ মাজেৰে চিৰন্তন শিশু আৰু মাতৃৰ ৰূপ কবিয়ে সাৰ্থকভাৱে তুলি ধৰিছে৷ এই পুথি সম্পৰ্কে বাণীকান্ত কাকতিয়ে কোৱা এষাৰ মন্তব্য উল্লেখযোগ্য ‘‘বৈষ্ণৱ কবিৰ অন্তৰ্মুখী কল্পনাৰ মনোৰম ৰচনা৷ ই অতিশয় মনোমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ৷ এপিনে ইয়াত শিশু-জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাৱ পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে৷’’ শিশুক নিচুকোৱাৰ ছলেৰে বিষ্ণুভক্তিত অৱগাহন কৰোঁৱা এই কাব্য অসমীয়া সাহিত্যতে নালাগে বিশ্ব সাহিত্যতে বিৰল বুলি নাৰয়ণ দাসে মন্তব্য কৰিছে৷
শংকৰদেৱৰ বিভিন্ন ৰচনাৰ হাতেলিখা পুথিৰ সামৰণিত লগাই দিয়া তথা হৰিবিলাস আগৰৱালাই ছপা কৰা কীৰ্তনঘোষাৰ মাজতো স্থান দিয়া 'ঘুনুচা কীৰ্তন' হৈছে ১৭৭ পদৰ সমষ্টি৷ 'জগন্নাথ পুৰাণ'ৰ পৰা মূল কথা চয়ন কৰি তাতে বিভিন্ন শাস্ত্ৰৰ কথা সংযোগ কৰি এইখন কাব্য ৰচনা কৰিছিল বুলি কবিয়ে নিজে কৈ গৈছে৷ অৱশ্যে আজিলৈকে 'জগন্নাথ পুৰাণ'খন উদ্ধাৰ হোৱা নাই বাবে স্কন্দ পুৰাণৰ উৎকলখণ্ডই ঘুনুচা কীৰ্তনৰ মূল বুলি ধাৰণা কৰা হৈছে; কাৰণ ইয়াতে 'গুণ্ডিচা-যাত্ৰা' আৰু 'গুণ্ডিচাৰ আখ্যান' ভাগ পোৱা গৈছে৷ শ্ৰীকৃষ্ণই ইন্দ্ৰদ্যুম্নৰ ৰূপৱতী কন্যা ঘুনুচাৰ ঘৰলৈ যোৱাত লক্ষ্মীৰ ঈৰ্ষা-খং-অভিমান ওপজা আদি কথাই পুথিখনত বৰ্ণিত হৈছে৷ নাৰী-পুৰুষৰ মাজত থকা স্বভাৱজাত মানৱীয় ঈৰ্ষা-অসুয়াৰ প্ৰতিফলন ঘটা বাবেই সাতটা কীৰ্তন থকা এইখন কাব্যই সৰ্বসাধাৰণক আজিও আকৰ্ষণ কৰে৷ এইখন পুথিৰ উপৰি এইজনা কবিৰ ভণিতাযুক্ত 'কানাই ধেমেলীয়া' বা 'ৰাধা-হৰণ' নামৰ এখন পুথি পোৱা যায়৷ এইখন পুথিত শ্ৰীকৃষ্ণই ঘিলাখেলি চাতুৰীৰে ৰাধাৰ গালৈ ঘিলামাৰি তেওঁক চুৰুণী পাতি বেয়াকৈ লটিঘটি কৰাৰ বিৱৰণ সন্নিৱিষ্ট হৈছে৷ কিন্তু পুথিখনৰ ভাষা তলখাপৰ হোৱা বাবে কোনো কোনোৱে ইয়াক শ্ৰীধৰ কন্দলিৰ ৰচনা নহয় বুলি কয়৷ বেজবৰুৱা আৰু বাণীকান্ত কাকতিয়ে শ্ৰীধৰ কন্দলিয়ে মহাভাৰতৰ অশ্বমেধ পৰ্বৰো ভাঙনি কাৰ্য সমাপন কৰিছিল বুলি মত পোষণ কৰে৷
এই সকল প্ৰধান কবি-সাহিত্যিকৰ উপৰি আৰু কেইবাজনো কবি-সাহিত্যিকে শংকৰী যুগটিক সমৃদ্ধ কৰিছিল৷ তেওঁলোক হ'ল ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্ৰ, নাৰায়ণ দাস ঠাকুৰ আতা, ছান্দসাই, দামোদৰদেৱ আৰু হৰিদেৱ৷
ৰত্নাকৰ কন্দলিৰ বিষয়ে বৰ সবিশেষ তথ্য এতিয়ালৈকে আবিষ্কৃত হোৱা নাই৷ শংকৰদেৱ মাজুলীৰ ধুৱাহাটা-বেলগুৰিত থাকোঁতেই তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ দৈত্যাৰি ঠাকুৰৰ চৰিত পুথি মতে ৰত্নাকৰ কন্দলিয়ে সেই সময়ত ব্যাসকলাই লগত ব্ৰহ্মপুত্ৰৰ তীৰৰ বালিত বহি নিতৌ গীতা পাঠ আৰু ব্যাখ্যা কৰিছিল আৰু শ্ৰোতা আছিল শংকৰদেৱ সহিতে তেৰাৰ শিষ্যবৃন্দ৷ ৰত্নাকৰ কন্দলিয়ে তেওঁৰ ৰচনাত 'কবি শেখৰ' বা 'দ্বিজ কবিশেখৰ' নাম দুটিও ব্যৱহাৰ কৰিছে৷  বৰ্তমান কীৰ্তনৰ অন্তৰ্গত 'সহস্ৰনাম বৃত্তান্ত' অধ্যায়টিৰ ৰচক ৰত্নাকৰ কন্দলি এগৰাকী বিশিষ্ট বৈষ্ণৱ কবি তথা পদ ৰচক৷ ৭৭টা পদৰ সমষ্টিৰে দুটা ঘোষাত বৰ্ণিত এই অধ্যায়টিৰ বিষয়বস্তু চয়ন কৰা হৈছে পদ্মাপুৰাণৰ পৰা৷ ইয়াত হৰৰ দ্বাৰা হৰিৰ নাম মাহাত্ম্য ঘোষণা কৰা হৈছে৷ বিষয়বস্তু আৰু ৰচনাৰ প্ৰতি লক্ষ্য ৰাখি মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰে শঙ্কৰদেৱৰ কীৰ্তনঘোষাৰ মাজতে এই খণ্ডটোক স্থান দিয়ে৷ উল্লেখযোগ্য যে এওঁৰ বাহিৰেও আন এগৰাকী ৰত্নাকৰ কন্দলিৰ উল্লেখ অসমীয়া সাহিত্যত পোৱা যায়৷ এই গৰাকী ৰত্নাকৰ কন্দলি নৰনাৰায়ণ ৰজাৰ সভাকবি আছিল আৰু এওঁ জয়দেৱৰ গীত গোবিন্দৰ টীকা হিচাপে 'সাৰ-দীপিকা' নামৰ পুথিখন ৰচনা কৰিছিল৷
এই সময়ৰ আন এগৰাকী কবি হ'ল ৰত্নাকৰ মিশ্ৰ৷ বহুতে এওঁক ৰত্নাকৰ কন্দলি বুলিয়েই চিহ্নিত কৰিব বিচাৰে৷ ৰত্নাকৰ মিশ্ৰৰ নামত দুখন পুথি পোৱা যায় 'ব্ৰহ্মগীতা' আৰু 'গীতা কীৰ্তন'৷ এই পুথি দুখন বিশেষকৈ গীতা কীৰ্তনৰ ৰচনা ৰীতি ৰত্নাকৰ কন্দলিৰ সহস্ৰ নাম বৃত্তান্তৰ অনুৰূপ৷ স্কন্ধপুৰাণৰ আধাৰতে ব্ৰহ্মগীতা ৰচনা কৰা হৈছে৷ এইখন কাব্যৰ কথাবস্তু শ্ৰীকৃষ্ণৰ মুখেৰেই ব্যক্ত কৰাটো মনকৰিবলগীয়া৷ অৰ্জুন আৰু কৃষ্ণৰ কথোপকথনৰ মাধ্যমেৰেই কাব্যখনত বিষয়বস্তু আগবাঢ়িছে৷ উদাহৰণস্বৰূপে
অৰ্জুনে বোলন্ত শুনা প্ৰভু নাৰায়ণ৷
নামৰ মহিমা-তত্ত্ব কহিও কাৰণ৷৷
কিমত উত্তম নাম কিমত বিশ্বাস৷
নমো যোগেশ্বৰ প্ৰভু কৰিও প্ৰকাশ৷৷
ব্ৰহ্ম সত্য, জগৎ মিথ্যা এই পৰম সত্যই মূলতঃ ব্যক্ত হৈছে ব্ৰহ্মগীতাৰ মাজত৷একোটি ঘোষাৰে আৰম্ভ হোৱা গীত কীৰ্তনত তত্ত্বগধুৰ গীতাখনক কীৰ্তনীয়া ৰূপদান কৰিছে ৰত্নাকৰ মিশ্ৰই৷ নিত্য প্ৰসঙ্গৰ বাবে ৰচিত এই পুথিখনৰ দুফাঁকিমান পদ এনে ধৰণৰ
ঘোষাঃ
ৰাম হৰি সংসাৰ ভয়      খণ্ডিয়ো কৰুণাময়
চৰণে শৰণ লৈলো বাপ৷
তোমাৰ নুশুনি কথা       বিষয় কৰিলো বেথা
হৃদয়ে নখণ্ডে সদা তাপ৷৷
পদঃ
অৰ্জুনে বোলন্ত স্বামী       তোমাৰ বাক্যত আমি
ভালমতে নুবুজিলো মৰ্ম৷
জ্ঞান বৰ্গ ধৰি আতি       মোহময় বান্ধ কাটি
পাছে কিয় আচৰিত ধৰ্ম৷৷
মাধৱদেৱৰ ঘনিষ্ঠ তথা শংকৰদেৱৰ প্ৰিয় শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাই ভকতীয়া ফকৰা ৰচনা কৰাৰ উপৰি গোটাদিয়েক গীত আৰু কবিতা ৰচনা কৰিছিল বুলি চৰিত পুথিৰ পৰা জনা গৈছে৷ 'ভৱানন্দ' আছিল এওঁৰ পিতৃপ্ৰদত্ত নাম; শংকৰদেৱে 'নাৰায়ণ দাস' নামটি দিয়ে আৰু পৰৱৰ্তী সময়ত 'ঠাকুৰ আতা' নামেৰে পৰিচিত এই গৰাকী বৈষ্ণৱ আগ বয়সত আছিল এগৰাকী ব্যৱসায়ী৷ তেওঁ ভাস্কৰ বিপ্ৰ নামৰ ভক্ত গৰাকীৰ মুখেৰে শংকৰদেৱৰ মাহাত্ম্য শুনি বৰপেটাৰ চূণপোৰাত গৈ শংকৰদেৱৰ ওচৰত শৰণ লৈ শিষ্যত্ব লভে৷ উল্লেখ্য যে এবাৰ তেওঁ গুৰুৰ প্ৰাণ ৰক্ষাৰ বাবে নিগৃহীত হ'ব লগীয়াও হৈছিল৷ এওঁ সাংসাৰিক আছিল যদিও গুৰুসেৱাৰ লগতে সাহিত্য চৰ্চাও অব্যাহত ৰাখিছিল৷ লুইতেদি শংকৰ-মাধৱসহিতে ভটিয়াই গৈ থাকোঁতে গুৰু আজ্ঞা মানি নাৰায়ণ দাসে ৰচনা কৰা ‘‘জয় জয় অনাদি শংকৰ, মই তুৱা দাসকু দাস’’ শীৰ্ষক গীতটি শুনি শংকৰদেৱে ‘‘নাৰায়ণদাসৰ কবিতা নাঞ চপচপিয়া হ'ল’’ বুলি মন্তব্য কৰালৈ চাই ধাৰণা কৰিব পাৰি যে এই শংকৰদেৱৰ প্ৰিয়পাত্ৰ আছিল৷
শঙ্কৰদেৱৰ আন এগৰাকী শিষ্য আছিল চান্দসাই বা চান্দ খাঁ৷ এওঁ এগৰাকী মুছলমান দৰ্জী আছিল৷ শঙ্কৰদেৱ পাটবাউসীত থকা কালত তেওঁক এটা চোলা সীবলৈ দিয়ে আৰু এনেদৰে শংকৰদেৱৰ সান্নিধ্যলৈ আহি তেৰাৰ শ্ৰীচৰণত শৰণ লয়৷ এওঁৰ সাহিত্য কৃতি বৰ বিশেষ নহয়, কেৱল কেইটিমান বিশেষ গীতহে পোৱা যায়৷ চান্দসাই ৰচনা কৰা গীতসমূহ মূলতঃ ফকৰাধৰ্মী তথা দাৰ্শনিক ভাৱাপন্ন৷ তেনে গীত এটিৰ নমুনা তলত উল্লেখ কৰা হ'ল
কিনো গীত গাইলি        চান্দৰে বৰাই
কিনো গীত গাইলি চান্দে৷
গঁতুৱা এন্দুৰৰ           পাৱত পৰিয়া
বোন্দা মেকুৰীয়ে কান্দে৷৷
শংকৰী যুগৰ আন এগৰাকী প্ৰসিদ্ধ পুৰুষ হ'ল দামোদৰদেৱ৷ নৱ-বৈষ্ণৱ ধৰ্মৰ দামোদৰী পন্থৰ প্ৰৱৰ্তক দামোদৰদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ লগতে তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক কথাবন্ধে ভাগৱত ৰচনা কৰিবলৈ নিদেৰ্শ দি অসমীয়া সাহিত্যলৈ পৰোক্ষভাৱে হ'লেও অৱদান যোগাই গৈছে৷ তদুপৰি এওঁ ৰচনা কৰা কিছু সংখ্যক গীতৰ কথাও পোৱা যায়৷ দামোদৰদেৱে ৰচনা কৰা গীতসমূহ ৰূপকধৰ্মী আৰু দেহবিচাৰৰ গীতৰ দৰে৷ উদাহৰণস্বৰূপে
ভৱ অৰণ্যত দেহ পশুগণ   বিষয়-খাগৰ খায়৷
সাম্প্ৰতিক সময়ত শংকৰদেৱৰ সমসাময়িক আৰু দুগৰাকী ব্যক্তিক গ্ৰন্থাকাৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে৷ তেওঁলোক হ'ল হৰিদেৱ পন্থৰ প্ৰৱৰ্তক হৰিদেৱ আৰু শংকৰদেৱৰ সতীয়া ভায়েক বনগঞাগিৰী৷ 'শৰণ সংহিতা' আৰু 'ভক্তিৰসতৰঙ্গিনী' নামৰ দুখন প্ৰকৰণ গ্ৰন্থৰ প্ৰণেতা হিচাপে হৰিদেৱক ঠাৱৰ কৰিব বিচৰা হৈছে৷ কিন্তু এতিয়াও এইখিনি যে হৰিদেৱৰ ৰচনা সেয়া প্ৰামাণিক সন্দেহৰ ঊৰ্ধত নহয়৷ ঠিক সেইদৰে বনগঞাগিৰীৰ ভণিতা থকা 'শ্ৰীশ্ৰীহৰিদেৱ চৰিত' নামৰ এখন চৰিত বজালীৰ হৰিপুৰ সত্ৰৰ অধিকাৰ সূৰ্যকান্ত গোস্বামীদেৱৰ পৰা পাই সেই অঞ্চলৰ ১৯৬০ চনত পুথি আকাৰে প্ৰকাশ কৰে৷ অৱশ্যে এইখন চৰিত পুথি সম্পৰ্কেও পণ্ডিতসকলে সন্দেহ প্ৰকাশ কৰিছে৷
  


 ক্ৰমশঃ